ক্ৰমাগতভাৱে ষষ্ঠ দিনলৈ দেশত ৩লাখৰো অধিক লোক ক'ৰোনাত আক্ৰান্ত, তাৰ মাজতে সোমবাৰে সুস্থ হৈ উঠিল আঢ়ৈ লাখৰো অধিক লোক।

News18 Assam | News18-Assam
Updated:April 27, 2021, 10:39 AM IST
ক্ৰমাগতভাৱে ষষ্ঠ দিনলৈ দেশত ৩লাখৰো অধিক লোক ক'ৰোনাত আক্ৰান্ত, তাৰ মাজতে সোমবাৰে সুস্থ হৈ উঠিল আঢ়ৈ লাখৰো অধিক লোক।
যোৱা ২৪ ঘণ্টাত দেশত ৩,২৩,১৪৪ জন লোক ক'ৰোনাত আক্ৰান্ত হৈছে আৰু ২৭৭১জন লোকৰ মৃত্যু হৈছে। এই সময়ছোৱাত, দেশত ২,৫১,৮২৭ জন লোক সুস্থ হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত ৩,২৩,১৪৪ জন লোক ক'ৰোনাত আক্ৰান্ত হৈছে আৰু ২৭৭১জন লোকৰ মৃত্যু হৈছে। এই সময়ছোৱাত, দেশত ২,৫১,৮২৭ জন লোক সুস্থ হৈছে।

  • Share this:
যোৱা ছয় দিন ধৰি ক্ৰমাগতভাৱে প্ৰতিদিনে দেশত তিনি লাখৰো অধিক কৰোনা ভাইৰাছ সংক্ৰমিত ৰোগী পোৱা গৈছে। মহামাৰী আৰম্ভ হোৱাৰ পিছত এপ্ৰিল ২০২১ আটাইতকৈ মাৰাত্মক মাহ বুলি প্ৰমাণিত হৈছে। এই মাহত আধাতকৈও অধিক মৃত্যু যোৱা সপ্তাহত সংঘটিত হৈছিল। সপ্তাহান্তত কমকৈ লোকে ক'ভিড পৰীক্ষা কৰা স্বত্বেও, সোমবাৰে একেৰাহে ষষ্ঠ দিনৰ বাবে ক'ৰোনাৰ ঘটনাই ৩লাখৰ ঘৰ অতিক্ৰম কৰে আৰু একেৰাহে সপ্তম দিনৰ বাবে ২,০০০ ৰো অধিক লোকৰ মৃত্যু হয়।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমান দেশত ২৮,৮২,২০৪ জন সক্ৰিয় আক্ৰান্ত ৰোগী আছে আৰু ১,৪৫,৫৬,২০৯ জন লোক সুস্থ হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা আপডেট অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ৩,২৩,১৪৪ জন লোক ক'ৰোনাত আক্ৰান্ত হৈছে আৰু ২৭৭১জন লোকৰ মৃত্যু হৈছে। এই সময়ছোৱাত, দেশত ২,৫১,৮২৭ জন লোক সুস্থ হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশত যোৱা ২৪ ঘণ্টাত ক'ৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৮,৫৪৬জন বাঢ়িছে।,
Published by: Kokil Sarma
First published: April 27, 2021, 10:39 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি