ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩৭০লৈ বৃদ্ধি, ৩১ মাৰ্চলৈ বন্ধ আন্তঃৰাষ্ট্রীয় বাছ সেৱা

News18 Assam | News18-Assam
Updated:March 22, 2020, 4:08 PM IST
ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩৭০লৈ বৃদ্ধি, ৩১ মাৰ্চলৈ বন্ধ আন্তঃৰাষ্ট্রীয় বাছ সেৱা
ভাৰতত এতিয়ালৈ কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ৬জনলৈ।

ভাৰতত এতিয়ালৈ কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ৬জনলৈ।

  • Share this:
ভাৰত কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩৭০জনলৈ বৃদ্ধি। মহাৰাষ্ট্র আৰু বিহাৰত এজনকৈ লোকৰ মৃত্যু। ভাৰতত এতিয়ালৈ কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ৬জনলৈ। ভাৰতীয় মেডিকেল ৰিছাৰ্চ সংস্থা (আই চি এম আৰ)–এ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন ঘটনা পোহৰলৈ অহাৰ কথা নিশ্চিত কৰিছে। ইফালে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কোৰোণা ভাইৰাছৰ বাবে আন্তঃৰাষ্ট্রীয় বাছ সেৱা ৩১ মাৰ্চলৈ বন্ধ কৰাৰ নিৰ্দেশ দিছে।

ভাৰতত এইপৰ্যন্ত ৬জন লোকৰ মৃত্যু হৈছে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ। দিল্লী, কৰ্ণাটক, পঞ্জাব, বিহাৰ আৰু মহাৰাষ্ট্রত মৃত্যু হৈছে এই লোককেইজনৰ। দেওবাৰে পুৱা পাটনা এইম্ছৰ পৰা পোৱা তথ্য অনুসৰি তাতো এজন লোকৰ কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।
Published by: Sanjay Kumar Das
First published: March 22, 2020, 4:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading