• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • ভয়ংকৰ খবৰ! ভৰলু নদীৰ পানীত পোৱা গৈছে কোৰোণা ভাইৰাছ ! এই তথ্য লাভৰ পিছতে আচৰিত হৈ পৰিছে গৱেষকসকলো।

ভয়ংকৰ খবৰ! ভৰলু নদীৰ পানীত পোৱা গৈছে কোৰোণা ভাইৰাছ ! এই তথ্য লাভৰ পিছতে আচৰিত হৈ পৰিছে গৱেষকসকলো।

প্ৰাকৃতিক পানীৰ উৎসত প্ৰথমবাৰৰ বাবে ধৰা পৰিছে কোৰোণা ভাইৰাছৰ উপস্থিতি । এই গৱেষণাই দেখুৱাইছে যে নদীৰ পৰিষ্কাৰ পানীতো জীয়াই থাকিব পাৰে ভাইৰাছবিধ।

প্ৰাকৃতিক পানীৰ উৎসত প্ৰথমবাৰৰ বাবে ধৰা পৰিছে কোৰোণা ভাইৰাছৰ উপস্থিতি । এই গৱেষণাই দেখুৱাইছে যে নদীৰ পৰিষ্কাৰ পানীতো জীয়াই থাকিব পাৰে ভাইৰাছবিধ।

প্ৰাকৃতিক পানীৰ উৎসত প্ৰথমবাৰৰ বাবে ধৰা পৰিছে কোৰোণা ভাইৰাছৰ উপস্থিতি । এই গৱেষণাই দেখুৱাইছে যে নদীৰ পৰিষ্কাৰ পানীতো জীয়াই থাকিব পাৰে ভাইৰাছবিধ।

  • Share this:
বিগত এবছৰৰো অধিক সময় ধৰি সমগ্ৰ বিশ্বতে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে কোৰোণা ভাইৰাছে । প্ৰতিদিনে এই ভাইৰাছক লৈ ভিন্ন নতুন নতুন তথ্য পোহৰলৈ অহা পৰিলক্ষিত হৈছে । শেহতীয়া এক নতুন তথ্যত  দেশৰ বহু চহৰৰ নৰ্দমা লাইনত কোৰোণা ভাইৰাছ জীৱিত অৱস্থাত থকা নিশ্চিত কৰা হৈছিল । কিন্তু এইবাৰ  প্ৰথমবাৰৰ বাবে প্ৰাকৃতিক পানীৰ উৎসত  ধৰা পৰিছে কোৰোণা ভাইৰাছ । গুজৰাটৰ আহমেদাবাদৰ সবৰমতী নদীত কোৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পেলোৱা হৈছে । নদীখনৰ পৰা গ্ৰহণ কৰা সকলো নমুনাতে কোৰোণা ভাইৰাছৰ উপস্থিতি লাভ কৰাক লৈ আচৰিত হৈ পৰিছে বিজ্ঞানীসকল ।

সবৰমতী নদীৰ লগতে গুজৰাটৰ আহমেদাবাদৰ  অন্যান্য পানীৰ উৎস কানকাৰিয়া, চান্দোলা হ্ৰদৰ পৰাও নমুনা সংগ্ৰহ কৰা হৈছিল । এই আটাইবোৰ নমুনাতে কোৰোণা ভাইৰাছৰ উপস্থিতি লাভ কৰা গৈছে । গুজৰাটৰ নদ-নদীত এই বৃহৎ সংখ্যক নমুনা পজিটিভৰূপে চিনাক্ত হোৱাৰ পিছতে বিজ্ঞানীসকলে গুৱাহাটীতো নদীৰ পানীৰ নমুনা ওপৰত পৰীক্ষা-নিৰীক্ষা চলাইছিল। আৰু এই পৰীক্ষাত অসমৰ ভৰলু নদীৰ পৰা লোৱা এটা নমুনাত কোৰোণা ভাইৰাছ উপস্থিতি পোৱা গৈছিল।

অনুসন্ধানত পোৱা গৈছে যে নদীৰ পৰা লোৱা নমুনাবোৰত ভাইৰাছৰ উপস্থিতি বহুত বেছি আছিল। নদীৰ পানীত কোৰোণা ভাইৰাছৰ উপস্থিতিক লৈ চলোৱা এই গৱেষণাত আইআইটি গান্ধীনগৰকে ধৰি দেশৰ আঠটা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল । গৱেষণাটোত নতুন দিল্লীৰ জেএনইউৰ পৰিৱেশ বিজ্ঞান বিদ্যালয়ৰ শিক্ষাৰ্থীসকলকো অন্তৰ্ভুক্ত কৰা হৈছিল ।
গান্ধীনগৰস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৃথিৱী বিজ্ঞান বিভাগৰ মনীষ কুমাৰে এই সম্পৰ্কত কয়, "এনেদৰে এতিয়ালৈকে কোৰোণা ভাইৰাছ কেৱল নলা-নৰ্দমাতহে জীৱিত অৱস্থাত থকাৰ নিশ্চিত কৰা হৈছে। কিন্তু যেতিয়া আমাৰ দলটোৱে নদীৰ পানীৰ নমুনা লৈ পৰীক্ষা কৰিছিল, আচৰিত তথ্য পোৱা গৈছিল। আহমেদাবাদত সৰ্বাধিক সংখ্যক আৱৰ্জনা পানী শোধন প্ৰকল্প আছে আৰু গুৱাহাটীত এটাও নাই। যেতিয়া আমাৰ দলে দুয়োখন ঠাইতে পানীৰ নমুনা পৰীক্ষা কৰিছিল, দুয়োখন ঠাইতে কোৰোণা ভাইৰাছ ধৰা পেলাইছিল।"

প্ৰতি সপ্তাহত লোৱা পানীৰ নমুনা -
গান্ধীনগৰস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৃথিৱী বিজ্ঞান বিভাগৰ মনীষ কুমাৰে লগতে কয় এনেদৰে "আমাৰ দলে ২০২০ চনৰ ৩ ছেপ্টেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ প্ৰতি সপ্তাহত নদীৰ নমুনা লৈছিল। সবৰমতীৰ পৰা ৬৯৪টা, কানকাৰিয়াৰ পৰা ৫৪৯ টা আৰু চান্দোলাৰ পৰা ৪০২টা নমুনা সংগ্ৰহ কৰিছিল । য'ত সকলো নমুনাতে কোৰোণাৰ উপস্থিতি ধৰা পেলোৱা হৈছিল । এই গৱেষণাই দেখুৱাইছে যে নদীৰ পৰিষ্কাৰ পানীতো ভাইৰাছ জীয়াই থাকিব পাৰে।

(https://hindi.news18.com/news/nation/coronavirus-found-in-sabarmati-river-of-gujarat-all-samples-found-infected-3625528.html)
Published by:Manjumoni Borah
First published: