#StayHome : কোৰোণাৰ বিৰুদ্ধে যুঁজৰ হওক অংশীদাৰী, ঘৰতে থাকি পৰিয়াল আৰু নিজৰ সুৰক্ষাৰ হওক সাৰথি

Source-Google
এয়া অত্যন্ত জটিল সময়। প্ৰতিজন নাগৰিক সজাগ–সচেতন নহ’লে বিপদ অনিবাৰ্য।
- News18 Assam
- Last Updated: March 23, 2020, 7:23 PM IST
অসমতো মঙলবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৩১ মাৰ্চলৈ ঘোষণা কৰা হৈছে লক ডাউন। সংবাদমেল যোগে এই ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সময়ছোৱাত কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব। লক ডাউন অমান্য কৰিলে যাব লাগিব জে’ললৈ। ৬ মাহ জে’লৰ লগতে ১০০০ টকা জৰিমনা বিহা হ’ব পাৰে লক ডাউন অমান্য কৰিলে।
লক ডাউনৰ সময়ত অৱশ্যে খোলা থাকিব অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱাসমূহ। হাস্পতাল, ফাৰ্মাচী, পেট্ৰ’ল পাম্প, গেলামালৰ দোকান, এম্বুলেঞ্চ, পানীযোগান আদি অব্যাহত থাকিব। বন্ধ থাকিব সকলো ধৰণৰ উদ্যোগ, চৰকাৰী–বেচৰকাৰী কাৰ্যালয়। সকলো ধৰণৰ ব্যক্তিগত বাহনৰ চলাচলো বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।
দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা জনতা কাৰফিউৰ সময়ত একাংশ লোকে যি পৰিৱেশৰ সৃষ্টি কৰিলে সেয়া অত্যন্ত চিন্তাজনক, বিপজ্জনক। যিটো সময়ত সভা–সমিতি, বজাৰ–সমাৰৰ লগতে সকলো ৰাজহুৱা অনুষ্ঠানৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে, যিটো সময়ত প্ৰতিজন লোকেই এজনে আনজনৰ পৰা অন্তত ১ মিটাৰ দূৰত্ব বজাই ৰাখিবলৈ কোৱা হৈছে, সেই সময়তে দেওবাৰে দেখা গ’ল এক চিন্তাজনক ছবি।
প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছিল যে জনতা কাৰফিউৰ সময়ত সন্ধিয়া ৫ বজাত সকলোৱে নিজৰ নিজৰ ঘৰৰ বেলকনি, বাৰান্দা, ছাঁদ আদিলৈ ওলাই আহি হাত চাপৰি, শংখ–ঘণ্টা বজাই এই মহামাৰীৰ সৈতে যুঁজি থকাসকলক উৎসাহ যোগাওক। কিন্তু একাংশ লোকে ইয়াৰ নামত নৃত্য–গীত, সমদল আদি কৰা দেখা গ’ল। যাক লৈ ক্ষোভ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।
এয়া অত্যন্ত জটিল সময়। প্ৰতিজন নাগৰিক সজাগ–সচেতন নহ’লে বিপদ অনিবাৰ্য। প্ৰথম অৱস্থাত মাৰাত্মক কোৰোণা ভাইৰাছক গুৰুত্ব নিদি ফল ভুগিছে ইটালীৰ দৰে দেশে। ভাৰততো তেনে পৰিৱেশ যাতে নহয়, তাৰ বাবে প্ৰতিজন নাগৰিকৰে দায়িত্ব আছে। গুৰুত্ব বুজি আমি সকলোৱে দায়বদ্ধ হ’ব লাগিব, দায়িত্ব পালন কৰিব লাগিব।
আপোনাৰ সজাগতা এই মহামাৰীৰ পৰা দেশখনক ৰক্ষাৰ বাবে অতি প্ৰয়োজন। আমি যদি সজাগ নহওঁ, পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ল’বলৈ বেছিদিন নালাগিব। দেশৰ স্বাৰ্থত সকলো প্ৰতিজ্ঞাবদ্ধ হওক। ঘৰত থাকক, সুৰক্ষিত থাকক।