ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্তৰ সংখ্যা! এতিয়ালৈকে ৩২৪ জন ক’ৰোণা ভাইৰাছত আক্ৰান্ত, ৫ জনৰ মৃত্যু

News18 Assam | News18-Assam
Updated:March 22, 2020, 12:44 PM IST
ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্তৰ সংখ্যা! এতিয়ালৈকে ৩২৪ জন ক’ৰোণা ভাইৰাছত আক্ৰান্ত, ৫ জনৰ মৃত্যু
নতুনকৈ পোহৰলৈ আহিল ৬০ টা কেচ। শনিবাৰৰ দিনটোত বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

নতুনকৈ পোহৰলৈ আহিল ৬০ টা কেচ। শনিবাৰৰ দিনটোত বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

  • Share this:
কেন্দ্ৰীয় স্বাস্থ়্য বিভাগৰ তৰফৰ পৰা জানিব পৰা মতে, ভাৰতত এতিয়ালৈকে মুঠ ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৩২৪জন। শনিবাৰে মাজনিশা স্বাস্থ়্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হয় যে, ২১ মাৰ্চ পৰ্যন্ত দেশ প্ৰায় ৩২৪জন লোকৰ দেহত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। ইয়াৰ ভিতৰত কিছুসংখ্যক বিদেশী নাগৰিকো অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও ২১ মাৰ্চৰ সন্ধিয়া লৈকে ১৬৯১১জনৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে।

ইতিমধ্যে ক’ৰোণাত আক্ৰান্ত হৈ ভাৰতবৰ্ষত মৃত্যুমুখত পৰিছে ৫জন লোক। দিল্লী, কৰ্ণাটক, মহাৰাষ্ট্ৰ, পাঞ্জাৱত হৈছে এই মৃত্যু। দেওবাৰে পুৱা পাটনা এইমছৰ পৰা খবৰ অনুসৰি ক’ৰোণাত আক্ৰান্ত হৈ আৰু এজন লোকৰ মৃত্যু হৈছে।

কোন খন ৰাজ্য আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছেঃ


  • মহাৰাষ্ট্ৰত এই পৰ্যন্ত ৭৪জন ক’ৰোণাত আক্ৰান্ত হৈছে। তাৰে ভিতৰত তিনিজন বিদেশী।

  • কেৰালাত এতিয়ালৈকে ৪৯টা কেচ পোহৰলৈ আহিছে। য’ত সাত জন বিদেশী নাগৰিকো অন্তৰ্ভুক্ত।

  • দিল্লীত ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা এতিয়ালৈকে ২৬জন। ১জন বিদেশী অন্তৰ্ভুক্ত।


  • উত্তৰ প্ৰদেশত বিদেশী নাগৰিকসহ ২৪ জন আজি পৰ্যন্ত ক’ৰোণাত আক্ৰান্ত।

Published by: Himangshu Bhuyan
First published: March 22, 2020, 12:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading