ক’ৰোণাতংক! চীন আৰু ইটালীক পিছ পেলালে মাৰ্কিন যুক্তৰাষ্ট্ৰই

News18 Assam | News18-Assam
Updated:March 27, 2020, 2:36 PM IST
ক’ৰোণাতংক! চীন আৰু ইটালীক পিছ পেলালে মাৰ্কিন যুক্তৰাষ্ট্ৰই
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় ৮২ হাজাৰ লোক আক্ৰান্ত হৈছে ক’ৰোণা ভাইৰাছত।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় ৮২ হাজাৰ লোক আক্ৰান্ত হৈছে ক’ৰোণা ভাইৰাছত।

  • Share this:
সমগ্ৰ বিশ্বতে এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। প্ৰত্যেক দিনাই বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা।  আমেৰিকা যুক্তৰাষ্ট্ৰতো এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক।

ক’ৰোণা ভাইৰাছৰ সংক্ৰমণে এতিয়া প্ৰতিদিনে তীব্ৰ হাৰত বৃদ্ধি পাইছে আমেৰিকা যুক্তৰাষ্ট্ৰত। বৰ্তমান ভয়াৱহ পৰিস্থিতিলৈ গতি কৰিছে আমেৰিকা। ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত চীন আৰু ইটালীক চেৰ পেলাইছে আমেৰিকা যুক্তৰাষ্ট্ৰই। এতিয়া দেশখনত ঘোষণা কৰা হৈছে ল’ক ডাউন।

আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় ৮২ হাজাৰ মানুহ ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে ইটালীত মুঠ আক্ৰান্তৰ সংখ্যা ৮০,৫৮৯।

ক’ৰোণা ভাইৰাছে এতিয়া ব্যাপক প্ৰভাৱ পেলাইছে বিশ্বৰ অৰ্থনীতিত। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা  জি২০ চামিটত ক’ৰোণা ভাইৰাছ সন্দৰ্ভত বিশদ ভাবে আলোচনা কৰা হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading