দেশত দ্ৰুত গতিত বাঢ়িছে কোৰোণা আক্ৰান্তৰ সংখ্যা, নিশা ৮বজাত দেশক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

News18 Assam | News18-Assam
Updated:March 24, 2020, 2:04 PM IST
দেশত দ্ৰুত গতিত বাঢ়িছে কোৰোণা আক্ৰান্তৰ সংখ্যা, নিশা ৮বজাত দেশক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
 উল্লেখ্য য, প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসমূহৰ সন্মতিত ২০১৫বৰ্ষত তিনিখন আঁচনিৰ তথ্য প্ৰকাশ কৰিছিল। এই আঁচনি দেশবাসীৰ ঘৰত থকা প্ৰায় ২৫,০০০ টন সোণ, সংস্থানসমূহৰ জৰিয়তে ফিজিকেল গল্ড ৰখা আৰু আমদানি হ্ৰাস কৰাৰ বিকল্প চিন্তাৰ সৈতে সম্পৰ্কিত। ইয়াৰ জৰিয়তে বিনিয়োগ বৃদ্ধিৰ চৰ্চা কৰা হৈছিল।

এইপৰ্যন্ত দেশত পাঁচ শতাধিক লোক আক্ৰান্ত হৈছে কোৰোণাত। 

  • Share this:
নতুন দিল্লীঃ দেশত কোৰোণা ভাইৰাছৰ বৰ্ধিত প্ৰকোপৰ কাৰণে কেন্দ্ৰ আৰু ৰাজ্যসমূহে আপ্ৰাণ চেষ্টা কৰিছে। এই ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সমগ্ৰ দেশত লকডাউন কৰা হৈছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশা দেশক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এই কথা জনাইছে।

টুইটত তেওঁ কৈছে, ‘বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰা কোৰোণা ভাইৰাছৰ বৰ্ধিত প্ৰকোপ সম্বন্ধত কিছু গুৰুত্বপূৰ্ণ তথ্য আজি দেশবাসীৰ আগত তুলি ধৰিম, আজি ২৪ মাৰ্চ নিশা ৮বজাত দেশক সম্বোধন কৰিম।



এই পৰ্যন্ত দেশত কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমণৰ ৫শৰো অধিক বিষয় দৃষ্টিগোচৰ হৈছে। ১০জনৰ মৃত্যু হৈছে। সংক্ৰমণ মুক্ত হৈছে কমেও ৩৫জন লোক। দেওবাৰে প্ৰধানমন্ত্ৰীৰ আহ্বান মতে সমগ্ৰ দেশত জনতা কাৰ্ফিউ পালন কৰা হয়। ইয়াৰ পিছতে সোমবাৰে সকলো ৰাজ্যত লকডাউন ঘোষণা কৰা হয়। পঞ্জাৱত আনকি লকডাউনৰ আগত গৈ সম্পূৰ্ণ ৰূপে কাৰ্ফিউ লগাই দিয়া হৈছে।
Published by: Tulika Devi
First published: March 24, 2020, 2:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি