ভাৰতত কোৰোণাত মৃত্যু হোৱা লোকৰ সংখ্যা ১১জনলৈ বৃদ্ধি, আক্ৰান্ত ৫৮৫

News18 Assam | News18-Assam
Updated:March 25, 2020, 3:11 PM IST
ভাৰতত কোৰোণাত মৃত্যু হোৱা লোকৰ সংখ্যা ১১জনলৈ বৃদ্ধি, আক্ৰান্ত ৫৮৫
Source-Google

সমগ্ৰ দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৫৮৫জনলৈ।

  • Share this:
ভাৰতত মহামাৰী কোৰোণাত মৃত্যুৰ সংখ্যা ১১জনলৈ বৃদ্ধি। তামিলনাডুত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে এজন লোকৰ। ৫৪ বছৰীয়া মৃত লোকজন ২৩ মাৰ্চৰ পৰা চিকিৎসাধীন হৈ আছিল। বুধবাৰে পুৱা মৃত্যু হয় লোকজনৰ। সমগ্ৰ দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৫৮৫জনলৈ।

ইতিমধ্যে কোৰোণাৰ পৰা পৰিত্ৰাণ পাবলৈ মঙলবাৰে নিশা ১২ বজাৰ পৰা সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ১৪ এপ্ৰিললৈ অব্যাহত থাকিব এই লকডাউন। ইয়াৰ লগতে কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ মোদী চৰকাৰে ঘোষণা কৰিছে ১৫ হাজাৰ কোটি টকা। সমগ্ৰ দেশবাসীক এই যুঁজত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি