নিৰামিষ খাদ্য আৰু ভাৰতীয় লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই Covid-19ক প্ৰতিৰোধ কৰিব নোৱাৰে-ক’লে এইমছৰ চিকিৎসকে

News18 Assam | News18-Assam
Updated:March 15, 2020, 1:48 PM IST
নিৰামিষ খাদ্য আৰু ভাৰতীয় লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই Covid-19ক প্ৰতিৰোধ কৰিব নোৱাৰে-ক’লে এইমছৰ চিকিৎসকে
ভাৰতবৰ্ষত এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। এতিয়ালৈকে দেশৰ ৯৩ জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি।

ভাৰতবৰ্ষত এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। এতিয়ালৈকে দেশৰ ৯৩ জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি।

  • Share this:
ভাৰতবৰ্ষত এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। এতিয়ালৈকে দেশৰ ৯৩ জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। দেশত জাৰি কৰা হৈছে হেল্থ এলাৰ্ট। বন্ধ কৰা হৈছে স্কুল–কলেজ, চিনেমা হ’ল ইত্যাদি।

ক’ৰোণা ভাইৰাছক লৈ এতিয়া ছচিয়েল মিডিয়াতো বিশেষ চৰ্চা চলিছে। বহুতে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে ক’ৰোণা ভাইৰাছকলৈ। আনকি বহুতে সলনি কৰিছে খাদ্যভ্যাসো। এইসময়তে এইমছৰ কমিউনিটি মেডিচিন বিভাগৰ অধ্যাপক ডা০ ডা০ আনন্দ কৃষ্ণনৰ সৈতে বাৰ্তালাপ। ক’ৰোণা ভাইৰাছ সম্বন্ধীয় বহু কেইটা প্ৰশ্নৰ উত্তৰ দিয়ে চিকিৎসকগৰাকীয়ে।

চিকিৎসকগৰাকীয়ে কয় যে,  ভাৰতীয় খাদ্যভ্যাসে ভাইৰাছ বিয়পোৱাৰ নাই কোনো প্ৰমাণ। সেইদৰে খাদ্য, সংক্ৰমণৰ উৎস হ’ব নোৱাৰে। অৱশ্যে কচাই খানাত কাম কৰা বা কচাই খানাৰ ওচৰত থকা মানুহৰ ক্ষেত্ৰত কিছু পৃথক।

অন্যান্য প্ৰশ্ন সমূহ–

  • এতিয়া এটা কথা চৰ্চা চলিছে যে, গৰমে ক’ৰোণা ভাইৰাছৰ প্ৰভাৱ কম কৰিব পাৰে, এই ক্ষেত্ৰত আপুনি কি ভাবে?



তাপমান বৃদ্ধিয়ে ভাইৰাছ ধ্বংস কৰিব পাৰে, কিন্তু সঠিক ৰূপত এই বিষয়ত অনুমান কৰাতো কঠিন।

  • ছচিয়েল মিডিয়াত বহুতে দাবী কৰিছে যে, আমি যি পৰিবেশ–পৰিস্থিতিত থাকো বা যিধৰণৰ পৰিস্থিতিৰ মুখামুখী হৈছো,তাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বেছি? কথাষাৰ সঠিক নে?


এই কথা সম্পূৰ্ণ ভিত্তিহীন। এতিয়ালৈকে ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে কোনো প্ৰতিৰোধক নাই। এই নতুন ভাইৰাছৰ পৰা দ্বিতীয়বাৰ সংক্ৰমণ হ’বনে নহয় সেই বিষয়ে কোৱাও অত্যন্ত জটিল। কিন্তু কিছুমান ভাইৰাছ সংক্ৰমিত হোৱাৰ পিছত মানুহৰ শৰীৰত সেই ভাইৰাছ পুনৰ সংক্ৰমিত হোৱাত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই বাধা প্ৰদান কৰে। কিন্তু বিশেষ কিছুমান ভাইৰাছৰ ক্ষেত্ৰতহে ই প্ৰযোজ্য।

  • বহু ব্যক্তিয়ে ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ ভয়ত নিৰামিষ আহাৰ গ্ৰহণ কৰিছে


মানুহৰ খাদ্যভ্যাসে ভাইৰাছ বিয়পোৱাৰ নাই কোনো প্ৰমাণ। খাদ্য, সংক্ৰমণৰ উত্‍স হ’ব নোৱাৰে। কিন্তু কচাই খানাৰ ওচৰত থকা মানুহৰ ক্ষেত্ৰত এই কথা কিছু পৃথক হোৱা দেখা যায়। কিন্তু যদি আপুনি নিজৰ পাকঘৰত ৰান্ধি খায় তেন্তে কোনো অসুবিধা নাথাকে। ভালকৈ ৰন্ধা মাংস কেতিয়াও ৰোগৰ কাৰণ হব নোৱাৰে।

  • নহৰু, হালধী,মৌ আদিয়ে প্ৰতিৰোধ কৰা বিষয়টোৰ সন্দৰ্ভত কি ক’ব? এইবোৰে কিবা সহায় কৰিবনে?


এইবোৰ অত্যন্ত সাধাৰণ। আমি বহু বছৰ ধৰি নহৰু ব্যৱহাৰ কৰি আহিছো। এইবোৰ খাদ্য যদি সঁচা অৰ্থত ৰোগ প্ৰতিৰোধক হ’ল তেন্তে আমাৰ দেহত কোনো ৰোগেই নহ’ল হেতেন। এইবোৰ অতি সাধাৰণ, কোনো এটা বিশেষ বেমাৰৰ বা ক’ৰোণা ভাইৰাছৰ বাবে নহয়।

এইমছৰ, কমিউনিটি মেডিচিন বিভগৰ অধ্যাপক ডা০ আনন্দ কৃষ্ণনৰ সৈতে  হোৱা  বাৰ্তালাপত উল্লেখ কৰে এইখিনি কথা।
Published by: Himangshu Bhuyan
First published: March 15, 2020, 1:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading