গুৱাহাটীৰ ৰাজপথত নিপিকাব, অন্যথা ভৰিব লাগিব বৃহৎ জৰিমনা

News18 Assam | News18-Assam
Updated:March 19, 2020, 12:45 PM IST
গুৱাহাটীৰ ৰাজপথত নিপিকাব, অন্যথা ভৰিব লাগিব বৃহৎ জৰিমনা
ক'ৰোণা ভাইৰাছৰ আতংক ৰোধ কৰিবলৈ ৰাজ্যৰ প্ৰায় প্ৰতিটো বিভাগেই হাতত লৈছে বিশেষ উদ্যোগ।

ক'ৰোণা ভাইৰাছৰ আতংক ৰোধ কৰিবলৈ ৰাজ্যৰ প্ৰায় প্ৰতিটো বিভাগেই হাতত লৈছে বিশেষ উদ্যোগ।

  • Share this:
ক'ৰোণা ভাইৰাছৰ আতংক ৰোধ কৰিবলৈ সকলো বিভাগেই বিশেষ উদ্যোগ লৈছে।মহাৰাষ্ট্ৰৰ নিচিনাকৈ এতিয়া গুৱাহাটী মহানগৰীত আপুনি যতে ত'তে  পিক পেলালে ভৰিব লাগিব জৰিমনা। লগতে আইনীয় ব্যৱস্থাও গ্ৰহণ কৰিব গুৱাহাটী পৌৰ নিগমে।

জি এম চিয়ে জাৰি কৰা জাননী অনুসৰি ক'ৰোণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লগতে সকলোকে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে বিভাগটোৱে। মহানগৰখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে পৌৰ নিগমে ফ্লায়িং স্কোৱাদ নিয়োগ কৰিছে।

যতে ততে পিক পেলালে দোষী লোকক জাৰিমনা বিহাৰ ব্যৱস্থাও কৰিছে গুৱাহাটী পৌৰনিগমে । গোটা আৱৰ্জনা বিধি ২০১৬ আৰু গুৱাহাটী পৌৰ নিগম আইন ১৯৭১ অনুসৰি ৰাজহুৱা স্থান, পথ, পদপথ, পথ-বিভাজক আদিত থূ-খেকাৰ, পিক পেলোৱাটো এক প্ৰকাৰৰ অপৰাধ।

অসমত বৰ্তমানলৈকে কোনো লোক ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ অহা নাই।কিন্তু,বৰ্তমানলৈকে ভাৰতত ১৬৬ জন লোক ক’ৰোণা ভাইৰাছত আক্রান্ত হৈছে, ইয়াৰে ২৫ জন বিদেশী পৰ্যটক। ভাৰতত এই ভাইৰাছৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে।
Published by: Himangshu Bhuyan
First published: March 19, 2020, 12:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading