দেশত আজি জনতা কাৰ্ফিউ, বাছ–ৰে’ল সকলো বন্ধ, ৰাজস্থানত লক–ডাউন

News18 Assam | News18-Assam
Updated:March 22, 2020, 7:39 AM IST
দেশত আজি জনতা কাৰ্ফিউ, বাছ–ৰে’ল সকলো বন্ধ, ৰাজস্থানত লক–ডাউন
অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ বাদে আন সকলো বজাৰ আৰু দোকান বন্ধ থাকিব।

অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ বাদে আন সকলো বজাৰ আৰু দোকান বন্ধ থাকিব।

  • Share this:
মাৰাত্মক কোৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আজি অৰ্থাৎ ২২ মাৰ্চত দেশজুৰি ‘জনতা কাৰ্ফিউ’ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তথা কোৰোণাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে দেশজুৰি পালন কৰা হ’ব ‘জনতাৰ কাৰ্ফিউ’। পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ প্ৰতিজন নাগৰিকক নিজৰ নিজৰ ঘৰত থকাৰ আহ্বান জনোৱা হৈছে। কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে আজিৰ দিনটোত বন্ধ বা সীমিত কৰি দিয়া হ’ব ৰাজহুৱা পৰিবহণ সেৱা। অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ বাদে আন সকলো বজাৰ আৰু দোকান বন্ধ থাকিব।

অসমতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক প্ৰধানমন্ত্ৰীৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই জনতাৰ কাৰ্ফিউৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। আনহাতে, ৰাজস্থান চৰকাৰে কোৰোণা ভাইৰাছক লৈ গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। জৰুৰীকালীন সেৱাৰ বাদে ৩১ মাৰ্চলৈ সমগ্ৰ ৰাজস্থানত লক–ডাউন ঘোষণা কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: March 22, 2020, 7:39 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading