কোৰোণা ভাইৰাছত ইটালীত এদিনতে ৮০০ লোকৰ মৃত্যু, ফ্ৰান্সত ১১২জনে হেৰুৱালে প্ৰাণ

News18 Assam | News18-Assam
Updated:March 22, 2020, 9:08 AM IST
কোৰোণা ভাইৰাছত ইটালীত এদিনতে ৮০০ লোকৰ মৃত্যু, ফ্ৰান্সত ১১২জনে হেৰুৱালে প্ৰাণ
বিগত ২৪ ঘণ্টাত কোৰোণা ভাইৰাছত ফ্ৰান্সত ১১২জন লোকৰ মৃত্যু হৈছে।

বিগত ২৪ ঘণ্টাত কোৰোণা ভাইৰাছত ফ্ৰান্সত ১১২জন লোকৰ মৃত্যু হৈছে।

  • Share this:
ইটালীত শনিবাৰে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ ৭৯৩জন লোকৰ মৃত্যু হৈছে। দেশখনত মুঠ মৃত্যুৰ সংখ্যা হ’লগৈ ৪,৮২৫জন, যিটো সমগ্ৰ বিশ্বত এই ভাইৰাছত মৃত্যু হোৱা লোকৰ প্ৰায় ৩৮.৩ শতাংশ। ইটালীৰ পৰিস্থিতি এতিয়া চীনতকৈ অধিক ভয়াৱহতাৰ দিশে গতি কৰিছে। দেশখনত কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা ৫৩,৫৭৮জন হৈছেগৈ।

মিলানৰ সমীপৰ লোমবাৰ্ডীত মৃতকৰ সংখ্যা ৩ হাজাৰৰো অধিকলৈ বৃদ্ধি পাইছে। এই স্থানত ইটালীত মৃত্যু হোৱা মুঠ লোকৰ দুই তৃতীয়াংশ। ইটালীত শুকুৰবাৰৰ পৰা ১৪২০জন লোকৰ মৃত্যু হৈছে আৰু কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ মাজতে সংক্ৰমণৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।

আনহাতে, বিগত ২৪ ঘণ্টাত কোৰোণা ভাইৰাছত ফ্ৰান্সত ১১২জন লোকৰ মৃত্যু হৈছে। ফ্ৰান্সত এইপৰ্যন্ত ৫৬২জন লোকে প্ৰাণ হেৰুৱাইছে। ৬,১৭২ জন লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত। চিকিৎসাধীন ১৫২৫জন লোকৰ অৱস্থা সংকটজনক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading