ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১১০জনলৈ বৃদ্ধি, ইৰাণৰ পৰা ৰাজস্থানত উপস্থিত ৫৩ ভাৰতীয়

News18 Assam | News18-Assam
Updated:March 16, 2020, 9:49 AM IST
ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১১০জনলৈ বৃদ্ধি, ইৰাণৰ পৰা ৰাজস্থানত উপস্থিত ৫৩ ভাৰতীয়
মুঠ ৩৮৯গৰাকী ভাৰতীয় ইৰাণৰ পৰা উভতি আহিছে।

মুঠ ৩৮৯গৰাকী ভাৰতীয় ইৰাণৰ পৰা উভতি আহিছে।

  • Share this:
ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১১০জনলৈ বৃদ্ধি। উত্তৰাখণ্ডত এই ভাইৰাছত আক্ৰান্ত হোৱা প্ৰথমটো ঘটনা পোহৰলৈ আহিছে। দেৰাডুনৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বন প্ৰশিক্ষণ একাডেমীত প্ৰশিক্ষণ লৈ থকা এজন প্রশিক্ষণপ্ৰাপ্ত আই এফ এছ বিষয়াৰ দেহত কোৰোণা ভাইৰাছৰ সংক্ৰমণ নিশ্চিত কৰা হৈছে। উত্তৰাখণ্ডত কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা এয়া প্ৰথমটো ঘটনা।

উত্তৰাখণ্ডৰ প্ৰথমটো ঘটনা, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত এজনকৈ লোক আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাকে ধৰি ভাৰতত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১১০জনলৈ বৃদ্ধি পালে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰিছে এই তথ্য। মুঠ সংখ্যাৰ ভিতৰত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ দিল্লী আৰু কৰ্ণাটকত মৃত্যু হোৱা দুজনো অন্তৰ্ভুক্ত হৈ আছে। বৃহস্পতিবাৰে চৌদি আৰবৰ পৰা ওভতা কৰ্ণাটকৰ কলবুৰ্গী নিবাসী ৭৬ বছৰীয়া এজন লোকৰ মৃত্যু হৈছিল। ইয়াৰ উপৰি দিল্লীত ৬৮ বছৰীয়া এগৰাকী মহিলাৰো শুকুৰবাৰে নিশা মৃত্যু হয়।

আনহাতে, ইৰাণৰ তেহৰান আৰু ছিৰাজ চহৰৰ পৰা ৫৩জন ভাৰতীয় আজি ৰাজস্থানৰ জেছলমেৰ বিমানবন্দৰত উপস্থিত হয়। স্ক্ৰীণিঙৰ পিছত আৰ্মী ৱেলনেছ চেণ্টাৰলৈ লৈ যোৱা হয় লোকসকলক।

ইৰাণৰ পৰা ওভতা ভাৰতীয়সকলক লৈ বিদেশ মন্ত্ৰী এছ জয়শংকৰে কয় যে ইৰাণৰ পৰা ওভতা ৫৩জন ভাৰতীয় য’ত ৫২জন ছাত্ৰ আৰু এজন শিক্ষক আছে, তেওঁলোকৰ চতুৰ্থটো দল উপস্থিত হৈছে। মুঠ ৩৮৯গৰাকী ভাৰতীয় ইৰাণৰ পৰা উভতি আহিছে। ইৰাণ আৰু ভাৰতস্থিত ইৰাণৰ দূতাবাসৰ বিষয়াসকলক ধন্যবাদ।
Published by: Sanjay Kumar Das
First published: March 16, 2020, 9:49 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading