কোৰোণা ভাইৰাছঃ Global Emergency ঘোষণা WHOৰ, এতিয়ালৈকে মৃত্যু ২১০ জনৰ

News18 Assam | News18-Assam
Updated:February 1, 2020, 7:52 AM IST
কোৰোণা ভাইৰাছঃ Global Emergency ঘোষণা WHOৰ, এতিয়ালৈকে মৃত্যু ২১০ জনৰ
Source-Google

চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে

  • Share this:
চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু মুখত পৰিছে ২১৩ জনকৈ লোক। কোৰোণাত আক্ৰান্ত হৈছে প্ৰায় ৯,৬৯২ জন লোক। চৰকাৰৰ তৰফৰ পৰা শুকুৰবাৰে দিয়া খবৰ অনুসৰি বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্বৰ বাবে ঘোষণা কৰিছে Global Emergency।

তিব্বতক বাদ দি চীনৰ প্ৰায় সকলো প্ৰান্ততে কোৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। পৰিস্থিতিলৈ লক্ষ্য ৰাখি চীনত নতুন বছৰৰ ছুটী আৰু তিনিদিন বৃদ্ধি কৰা হৈছে যাতে জনসাধাৰণে ঘৰৰ পৰা বাহিৰলৈ ওলাবলগীয়া নহয়।

চীনৰ উপৰি থাইলেণ্ডত সাতজন, জাপানত তিনিজন, দক্ষিণ কোৰিয়াত তিনিজন, আমেৰিকাত তিনিজন, ভিয়েটনামত দুজন, ছিংগাপুৰত চাৰিজন, মালয়েছিয়াত তিনিজন, নেপালত এজন, ফ্ৰান্সত তিনিজন আৰু অষ্ট্ৰেলিয়াত চাৰিজন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে।
Published by: Himangshu Bhuyan
First published: February 1, 2020, 7:52 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading