Coronavirus Outbreak Update: কোৰোণা ভাইৰাছৰ কাৰণে ভাৰতত দ্বিতীয়টো মৃত্যু, ৬৯বছৰীয়া বয়োবৃদ্ধাই ল’লে চিৰবিদায়

News18 Assam | News18-Assam
Updated:March 13, 2020, 10:59 PM IST
Coronavirus Outbreak Update: কোৰোণা ভাইৰাছৰ কাৰণে ভাৰতত দ্বিতীয়টো মৃত্যু, ৬৯বছৰীয়া বয়োবৃদ্ধাই ল’লে চিৰবিদায়
মহিলাগৰাকীৰ পুত্ৰ শেহতীয়াকৈ বিদেশ ভ্ৰমণৰ পৰা আহিছিল।

মহিলাগৰাকীৰ পুত্ৰ শেহতীয়াকৈ বিদেশ ভ্ৰমণৰ পৰা আহিছিল।

  • Share this:
কোৰোণা ভাইৰাছৰ কাৰণে দিল্লীত এগৰাকী ৬৯বছৰীয়া মহিলাৰ মৃত্যু হৈছে। ভাৰতত কৰোণা ভাইৰাছৰ কাৰণে এইটো দ্বিতীয়টো মৃত্যু।

শেহতীয়াকৈ ছুইজাৰলেণ্ড আৰু ইটালী ভ্ৰমণলৈ গৈছিল মহিলাগৰাকীৰ পুত্ৰ আৰু ভাৰতলৈ ঘুৰি অহাৰ পিছতে স্বাস্থ্যৰ অৱনতি ঘটাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। প্ৰট’কল মতে পৰিয়ালটোক স্ক্ৰীনিং কৰোৱা হৈছিল আৰু মাতৃৰো কাহ আৰু জ্বৰ হোৱাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

মহিলাগৰাকী আগৰে পৰা ডায়বেটিছ আৰু হাইপাৰটেনশ্যনৰ ৰোগী আছিল। ৮মাৰ্চত তেওঁৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু ৯মাৰ্চত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। নিউমনিয়াৰ লক্ষণৰ কাৰণে আইচিইউলৈ মহিলাগৰাকীক নিয়া হৈছিল। ৯মাৰ্চৰ পৰাই শ্বাস–প্ৰশ্বাসৰ সমস্যাত ভোগা মহিলাগৰাকীক ভেণ্টিলেটৰত ৰখা হৈছিল। ৰাম মনোহৰ লোহিয়া হাস্পতালত মহিলাগৰাকী ভৰ্তি কৰোৱা হৈছিল।




সমগ্ৰ বিশ্বত কোৰোণা ভাইৰাছৰ কাৰণে ৫০০০ৰো অধিকৰ মৃত্যু হৈছে আৰু আক্ৰান্ত হৈছে ১,৩৪,৩০০ৰো অধিক লোক।
Published by: Tulika Devi
First published: March 13, 2020, 10:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading