দেশত আকৌ বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। চৰকাৰে বহুক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিছে যদিও ঠায়ে ঠায়ে কোৰোণাই লৈছে ভয়ংক ৰূপ। মাৰ্চ মাহৰ মাজ ভাগৰ পৰা অসমতো বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।
দীৰ্ঘদিনৰ বিৰতিৰ পিছত পুনৰ ক'ভিদ ১৯ৰ আতংকই বিৰাজ কৰিছে নগাঁৱত। নগাঁও চহৰৰ টেলিয়াপট্টিৰ ৭গৰাকীকৈ ব্যক্তিৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি। আজি নগাঁও চহৰৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে ব্যক্তিকেইজনৰ দেহত ধৰা পৰিছে কোৰোণাৰ অৱস্থিতি।
আনহাতে নগাঁৱৰ সংখ্যালঘু এলেকাত ৰাইজৰ অসাৱধানতাৰ বাবে পুনৰ ক'ভিদ ১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে। ইপিনে অহা কাইলৈ পুনৰ ভোটগ্ৰহণৰ সময়ছোৱাত ক'ভিদ বিধি কঠোৰভাৱে মানি চলাৰ বাবে ৰাইজক আহ্বান জনাইছে জিলা প্ৰশাসনে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|