ক’ৰোণা ভাইৰাছঃ ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ!

News18 Assam | News18-Assam
Updated:March 19, 2020, 6:14 PM IST
ক’ৰোণা ভাইৰাছঃ ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ!
দেশৰ জনগণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা।

দেশৰ জনগণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা।

  • Share this:
দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। ইতিমধ্যে চাৰি জন লোকে ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। দেশৰ জনগণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। অহা ৪ এপ্ৰিললৈকে বাহাল থাকিব এই নিৰ্দেশনা।

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশঃ


  • ৬৫ বছৰৰ উৰ্ধৰ লোকক ঘৰতে থকাৰ নিৰ্দেশ।

  • ১০ বছৰৰ তলৰ শিশুকো ঘৰতে থকাৰ পৰামৰ্শ।

  • ৰাজ্য চৰকাৰক উপযুক্ত নিৰ্দেশনা জাৰি কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ।

  • ২২ মাৰ্চৰ পাছত ভাৰতত অৱতৰণ কৰিব নোৱাৰিব এখনো বিমান‌। যাত্ৰীবাহী বিমানৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।


  • ছাত্ৰ, ৰোগী, দিব্যাংগৰ বাহিৰে ৰে’লৰ ৰেহাই মূল্যৰ যাত্ৰা বাতিলৰ নিৰ্দেশ।

  • ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ আধা সংখ্যকক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ। এই ক্ষেত্ৰত  ৰাজ্য চৰকাৰক উপযুক্ত নিৰ্দেশনা জাৰিৰ পৰামৰ্শ।

  • কেন্দ্ৰৰ B,C গ্ৰুপৰ কৰ্মচাৰীক এসপ্তাহ এৰি এসপ্তাহ উপস্থিতিৰ নিৰ্দেশ।

Published by: Himangshu Bhuyan
First published: March 19, 2020, 6:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading