নতুনকৈ ৩৫ জন আক্ৰান্ত, ভাৰতত ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২৫৮ জনলৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:March 21, 2020, 10:48 AM IST
নতুনকৈ ৩৫ জন আক্ৰান্ত, ভাৰতত ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২৫৮ জনলৈ বৃদ্ধি
Source-Google

সমগ্ৰ বিশ্বতে এতিয়া ক’ৰোণা ভাইৰাছৰ ত্ৰাস।

  • Share this:
মহামাৰী ক’ৰোণা ভাইৰাছ! সমগ্ৰ বিশ্বতে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে ক’ৰোণা ভাইৰাছে। প্ৰত্যেক দিনাই ভাৰতবৰ্ষতো বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। ভাৰতবৰ্ষত নতুনকৈ ৩৫ জন ৰোগীৰ শৰীৰত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। আজিৰ দিনটোলৈকে ভাৰতবৰ্ষত ক’ৰোণাত আক্ৰান্তৰ সংখ্যা ২৫৮ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ভিতৰত আছে ৩৯ জন বিদেশী পৰ্যটক। সেইদৰে ক’ৰোণাত আক্ৰান্ত হৈ এতিয়া লৈকে মৃত্যু মুখত পৰিছে ৪জনলোক। কেৱল মাত্ৰ শুকুৰবাৰৰ দিনটোতে ৬৩জনৰ দেহত ক’ৰোণাৰ অৱস্থিতি ধৰা পৰিছে।

উল্লেখযোগ্য যে, ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ চাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে বৈঠকত মিলিত হয়। বৈঠকত মোদীয়ে সকলো ৰাজ্যতে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে, সকলো সময়তে প্ৰয়োজন অনুসৰি কেন্দ্ৰীয় চৰকাৰে সহায়য় হাত আহবঢ়াব বুলি আশ্বাস দিয়ে। ইফালে ২২ মাৰ্চৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক ‘জনতা কাৰ্ফিউ’ হিচাপে মানিবলৈ আহ্বান জনায়।
Published by: Himangshu Bhuyan
First published: March 21, 2020, 10:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading