ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱা সন্দেহ, কেৰালাৰ পৰা গুৱাহাটীলৈ অহা যুৱকক GMCHত ভৰ্তি

News18 Assam | News18-Assam
Updated:March 15, 2020, 9:59 AM IST
ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱা সন্দেহ, কেৰালাৰ পৰা গুৱাহাটীলৈ অহা যুৱকক GMCHত ভৰ্তি
Photo : foreignpolicy.com

সমগ্ৰ দেশতে এতিয়া আতংকৰ সৃষ্টি কৰিছে ক’ৰোণা ভাইৰাছে

  • Share this:
সমগ্ৰ দেশতে এতিয়া আতংকৰ সৃষ্টি কৰিছে ক’ৰোণা ভাইৰাছে। এতিয়ালৈকে ভাৰতবৰ্ষত ৯৩ জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। অসমতো এতিয়া আতংকৰ সৃষ্টি কৰিছে। ৰাজ্যত জাৰি কৰা হৈছে হেল্থ এলাৰ্ট। ৰাজ্য চৰকাৰে ৰাজ্যৰ বাহিৰলৈ যোৱাত বাধা আৰূপ কৰিছে। সেইসময়তে গুৱাহাটী মেডিকেল কলেজত ক’ৰোণাৰ সন্দেহত ভৰ্তি কৰা হৈছে এজন যুৱকক।

বৰ্তমান  গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চলিছে স্বাস্থ্য পৰীক্ষা। আমচৈৰ পৰা GMCHলৈ অনা হৈছে যুৱকজনক। কিছুদিন পূৰ্বে কেৰেলাৰ পৰা গুৱাহাটীলৈ আহিছিল যুৱকজন। ৰে’ল যোগে কেৰালাৰ পৰা গুৱাহাটীলৈ আহিছিল যুৱকজন।  বৰ্তমানে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত  চিকিৎসকৰ তত্বাৱধানত ৰোগীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।
Published by: Himangshu Bhuyan
First published: March 15, 2020, 9:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading