গুৱাহাটী পালেহি নেকি সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক কোৰোণা ভাইৰাছ! GMCHত ভৰ্তি এগৰাকী ছাত্ৰীক

News18 Assam | News18-Assam
Updated:February 14, 2020, 9:21 AM IST
গুৱাহাটী পালেহি নেকি সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক কোৰোণা ভাইৰাছ! GMCHত ভৰ্তি এগৰাকী ছাত্ৰীক
Photo Source-Aaj Tak

চীনৰ পৰা গুৱাহাটী আহি পোৱাৰ পিছতেই ছাত্ৰীগৰাকীক গুৱাহাটী বিমান বন্দৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত GMCHলৈ অনা হয়।

  • Share this:
সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক কোৰোণা ভাইৰাছ গুৱাহাটী পালে নেকি? গুৱাহাটীতো ঘটিছে নেকি কোৰোণাৰ সংক্ৰমণ? কোৰোণা ভাইৰাছ সংক্ৰমণৰ সন্দেহত এগৰাকী ছাত্ৰীক GMCHত আছুতীয়াকৈ ৰখা হৈছে। চীনত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকী ৬ ফেব্ৰুৱাৰীতে ভাৰতলৈ আহিছিল। বৃহস্পতিবাৰে ছাত্ৰীগৰাকী উপস্থিত হয় গুৱাহাটীত।

চীনৰ পৰা গুৱাহাটী আহি পোৱাৰ পিছতেই ছাত্ৰীগৰাকীক গুৱাহাটী বিমান বন্দৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত GMCHলৈ অনা হয়। GMCHৰ আছুতীয়া কক্ষত চিকিৎসা কৰি থকা হৈছে ছাত্ৰীগৰাকীক। এইপৰ্যন্ত ছাত্ৰীগৰাকীৰ শৰীৰত কোৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই। বৰ্তমান ছাত্ৰীগৰাকী অহৰহ চিকিৎসকৰ নিৰীক্ষণত আছে।
First published: February 14, 2020, 9:21 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading