• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • বিশ্বৰ ৬০ খন দেশলৈ বিয়পিছে ক’ৰোণা ভাইৰাছ, ৩০০০ লোকৰ মৃত্যু, ৮৮ হাজাৰ আক্ৰান্ত

বিশ্বৰ ৬০ খন দেশলৈ বিয়পিছে ক’ৰোণা ভাইৰাছ, ৩০০০ লোকৰ মৃত্যু, ৮৮ হাজাৰ আক্ৰান্ত

ক’ৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে ধাৰণ কৰিছে তীব্ৰ ৰূপ

ক’ৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে ধাৰণ কৰিছে তীব্ৰ ৰূপ

ক’ৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে ধাৰণ কৰিছে তীব্ৰ ৰূপ

  • Share this:
চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোণা ভাইৰাছ এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে। এতিয়ালৈকে ৮৮ হাজাৰতকৈ অধিক লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে প্ৰায় তিনি হাজাৰ লোক মৃত্যু মুখত পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই এই বেমাৰৰ নাম দিছে COVID-19। ক’ৰোণা ভাইৰাছৰ ফলত চীনত সৰ্বাধিক ২৮৭০জন লোকৰ মৃত্যু হৈছে।

চীনৰ লগতে জাপান, ইটালী, ইৰাণ, দক্ষিণ কোৰিয়া, চিংগাপুৰ, আমেৰিকা, থাইলেণ্ড, তাইবান, অষ্ট্ৰেলিয়া, জাৰ্মানী, ফ্ৰান্স, স্পেইন, ব্ৰিটেইন, কানাডা, ইৰাক, ভাৰত, ইজৰাইলকে আদি কৰি প্ৰায় ৬০ খন দেশলৈ এতিয়া বিয়পি পৰিছে মাৰাত্মক ক’ৰোণা ভাইৰাছ।
Published by:Himangshu Bhuyan
First published: