ঘৰৰ সন্মুখত ম’ম, বন্তি জ্বলাই কোৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ প্ৰাৰ্থনা

News18 Assam | News18-Assam
Updated:March 14, 2020, 6:23 PM IST
ঘৰৰ সন্মুখত ম’ম, বন্তি জ্বলাই কোৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ প্ৰাৰ্থনা
চৌদিশে এতিয়া কোৰোণা ভাইৰাছৰ আতংক

চৌদিশে এতিয়া কোৰোণা ভাইৰাছৰ আতংক

  • Share this:
চৌদিশে এতিয়া কোৰোণা ভাইৰাছৰ আতংক। কোৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ এতিয়া প্ৰতিজনেই সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে। আনকি বহুতে ভগৱানৰ চৰণতো মুৰ দোৱাইছে। বহুতে যজ্ঞ কৰাও দেখা গৈছে। কিন্তু ইয়াতকৈও ব্যতিক্ৰমী পন্থা হাতত লৈছে অসমৰ এক বিশেষ অঞ্চলত।

কোৰোণা ভাইৰাছৰ পৰা বাচি থাকিবলৈ বৰাক উপত্যকাৰ কৰিমগঞ্জ, শিলচৰ, হাইলাকান্দিৰ বিভিন্ন অঞ্চলত স্থানীয় লোকসকলে ঘৰৰ সন্মুখে সন্মুখে বন্তি জ্বলোৱা দেখা গৈছে। শিলচৰ চহৰত এতিয়া প্ৰায় প্ৰতিটো পথ, প্ৰতিটো অঞ্চলতে মহিলা সকলে বন্তি জ্বলাই কোৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ প্ৰাৰ্থনা জনোৱা দেখা গৈছে।
Published by: Himangshu Bhuyan
First published: March 14, 2020, 6:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading