ক’ৰোণাতংকঃ নৰ্থ লখিমপুৰ কলেজে প্ৰস্তুত কৰিছে হেণ্ড চেনিটাইজাৰ

News18 Assam | News18-Assam
Updated:March 21, 2020, 4:29 PM IST
ক’ৰোণাতংকঃ নৰ্থ লখিমপুৰ কলেজে প্ৰস্তুত কৰিছে হেণ্ড চেনিটাইজাৰ
সমগ্ৰ বিশ্বতে এতিয়া ক'ৰোণা ভাইৰাছৰ আতংক। বিশ্বৰ প্ৰায় প্ৰতিখন দেশলৈ বিয়পি পৰিছ ক’ৰোণা ভাইৰাছ।

সমগ্ৰ বিশ্বতে এতিয়া ক'ৰোণা ভাইৰাছৰ আতংক। বিশ্বৰ প্ৰায় প্ৰতিখন দেশলৈ বিয়পি পৰিছ ক’ৰোণা ভাইৰাছ।

  • Share this:
সমগ্ৰ বিশ্বতে এতিয়া ক'ৰোণা ভাইৰাছৰ আতংক। বিশ্বৰ প্ৰায় প্ৰতিখন দেশলৈ বিয়পি পৰিছ ক’ৰোণা ভাইৰাছ। ভাৰতবৰ্ষতো ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ক’ৰোণা ভাইৰাছে।  দেশত এতিয়ালৈকে ১৫৮ জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। অসমতো ক’ৰোণা ভাইৰাছকলৈ ব্যাপক সতৰ্কতা অৱলম্বন কৰা হৈছে।

বিশ্বৰ বহু আগশাৰীৰ দেশে এতিয়া দিনে নিশাই ক’ৰোণা ভাইৰাছৰ প্ৰতিষেধক আবিষ্কাৰৰ বাবে চলাই আছে পৰীক্ষা নিৰীক্ষা। সকলোতে এতিয়া ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে সজাগতাৰ সৃ্ষ্টি কৰা হৈছে। হাত পৰিষ্কাৰ ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছে হেণ্ড চেনিটাইজাৰ।

বজাৰত এতিয়া চেনিটাইজাৰ আৰু মাস্কৰ চাহিদা বিপুল পৰিমাণে বৃদ্ধি পাইছে। ফলত এতিয়া বজাৰত নাটনি হৈছে চেনিটাইজাৰৰ। সাধাৰণ ৰাইজে বজাৰত চেনিটাইজাৰ বিচাৰি হাবাথুৰি খাব লগা হৈছে। ৰাইজৰ মাজত চেনিটাইজাৰৰ অভাৱ দূৰীকৰণৰ বাবে আগবাঢ়ি আহিছে নৰ্থ লখিমপুৰ কলেজৰ ৰসায়ন বিজ্ঞান বিভাগ। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতীয়া আৰু ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ ভৱজিৎ ভূঞাৰ উদ্যোগত ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰবক্তা আৰু বিভাগৰ ন–পুৰণি ছাত্ৰ–ছাত্ৰী সকলে প্ৰস্তুত কৰি উলিয়াইছে হেণ্ড চেনিটাইজাৰ। লগতে ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে।

একেই পদক্ষেপ লৈছে লখিমপুৰ গাৰ্লছ কলেজেও। অধ্যক্ষ ড° সুৰজিৎ ভূঞাৰ নেতৃত্বত মহবিদ্যালয়ত হেণ্ড চেনিটাইজাৰ প্ৰস্তুত কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: March 21, 2020, 4:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading