COVID-19: ভাৰতত মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি, আক্ৰান্ত ৬৪৯ জন

News18 Assam | News18-Assam
Updated:March 26, 2020, 1:41 PM IST
COVID-19: ভাৰতত মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি, আক্ৰান্ত ৬৪৯ জন
সমগ্ৰ বিশ্বত ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস

সমগ্ৰ বিশ্বত ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস

  • Share this:
সৰ্বত্ৰ এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। ভাৰতত এতিয়ালৈ ৬৪৯জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। মৃত্যুক আঁকোৱালি লৈছে ১৬জন লোকে। লক্ষ্ণৌত নতুনকৈ চাৰিজন লোকৰ দেহত ক’ৰোণাৰ অৱস্থিতি ধৰা পৰিছে।

ক’ৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ২১ দিনৰ বাবে ল’ক ডাউন ঘোষণা কৰিছে। আজি ল’ক ডাউনৰ দ্বিতীয় দিন।

বুধবাৰৰ দিনটোত আমেৰিকাত সৰ্বাধিক ১৩,৩৪৭জন লোক আক্ৰান্ত হয়। দেশখনত ৬৮২০৩জন লোক আক্ৰান্ত হৈছে এইপৰ্যন্ত। আমেৰিকাত বুধবাৰে মৃত্যু হয় ২৪৭জন লোকৰ। মুঠ মৃত্যুৰ সংখ্যা হয়গৈ ১০২৭। আনহাতে, বুধবাৰৰ দিনটোত স্পেইনত নতুনকৈ আক্ৰান্ত হয় ৭,৪৫৭জন লোক। দেশখনত কোৰোণাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪৯ হাজাৰ ৫১৫জন। স্পেইনত বুধবাৰে ৬৫৬জন লোকৰ মৃত্যু হয়। মৃত্যুৰ মুঠ সংখ্যা ৩৬৪৭জন।

ইফালে, ইটালীত বুধবাৰে ৬৮৩জন লোকৰ মৃত্যু হয়। ইটালীত মুঠ মৃত্যুৰ সংখ্যা এতিয়ালৈ ৭৫০৩জন। মুঠ আক্ৰান্তৰ সংখ্যা ৭৪ হাজাৰ ৩৮৬জন। জাৰ্মানীত মুঠ আক্ৰান্তৰ সংখ্যা ৩৭ হাজাৰ ৩২৩জন। দেশখনত এতিয়ালৈ মৃত্যু হৈছে ৪৭জন লোকৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি