অব্যাহত আছে কৰোণা ভাইৰাছৰ সংহাৰ, এই পৰ্যন্ত ১৭৭০জনৰ মৃত্যু

News18 Assam | News18-Assam
Updated:February 17, 2020, 9:10 AM IST
অব্যাহত আছে কৰোণা ভাইৰাছৰ সংহাৰ, এই পৰ্যন্ত ১৭৭০জনৰ মৃত্যু
কেৱল চীনতেই নহয়, এতিয়া বিশ্বৰ বহু কেইখন দেশতে বিয়পি পৰিছে কৰোণা ভাইৰাছ

কেৱল চীনতেই নহয়, এতিয়া বিশ্বৰ বহু কেইখন দেশতে বিয়পি পৰিছে কৰোণা ভাইৰাছ

  • Share this:
কেৱল চীনতেই নহয়, এতিয়া বিশ্বৰ বহু কেইখন দেশতে বিয়পি পৰিছে কৰোণা ভাইৰাছ। প্ৰায় ৭০,৫৪৮ জন লোক আক্ৰান্ত হৈছে কৰোণা ভাইৰাছত। ইতিমধ্যে ২৯ খন দেশলৈ বিয়পি পৰিছে কৰোণা ভাইৰাছ। দেওবাৰৰ দিনটোত কৰোণা ভাইৰাছৰ ফলত মৃত্যু মুখত পৰে ১০৫ জন লোক। এই পৰ্যন্ত কৰোণা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭৭০ জনলৈ বৃদ্ধি পাইছে।
ভাৰততো বৃদ্ধি পাইছে কোৰোণা ভাইৰাছৰ আতংক। কলকাতাত থাৰ্মেল স্ক্ৰীণিঙত দুজন লোকৰ দেহত এই ভাইৰাছ থকাৰ কথা নিশ্চিত হৈছে। কেৰালাতো নতুন ঘটনা পোহৰলৈ আহিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে কয় যে কোৰোণা ভাইৰাছৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি