২২ মাৰ্চত জনতা কাৰ্ফিউ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

News18 Assam | News18-Assam
Updated:March 19, 2020, 10:27 PM IST
২২ মাৰ্চত জনতা কাৰ্ফিউ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ জনতা কাৰ্ফিউ আহ্বান।

পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ জনতা কাৰ্ফিউ আহ্বান।

  • Share this:
ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰে দেশবাসীক। ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ অহা ২২ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতা কাৰ্ফিউ আহ্বান কৰিছে। পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ জনতা কাৰ্ফিউ পালনৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ‘ আমি বিশ্বৰ পৰা অহা ক’ৰোণা সংক্ৰান্তীয় খবৰ পাইছো, প্ৰত্যেকজন দেশবাসী সজাগ হওক। মই ভাবো দেশবাসীয়ে মোক নিৰাশ নকৰে।
মোক আপোনালোকৰ কিছু সপ্তাহ লাগে। ক’ৰোণা মহামাৰীৰ পৰা বাচিবলৈ কোনো নিশ্চিত উপায় নাই।কোনো ভেকচিনো নাই। এনে পৰিস্থিতি চিন্তিত হোৱাটো স্বাভাৱিক।’

মোদীয়ে লগতে কয় যে, ‘ যিসমূহ দেশত ক’ৰোণা ভাইৰাছ হৈছে বিগত কিছুদিনৰ পৰা অধিক ভয়ংকৰ হৈছে। ভাৰত চৰকাৰে এই স্থিতিত সম্পূৰ্ণ নজৰ ৰাখিছে। ভাৰতৰ দৰে দেশৰ সমুখত ক’ৰোণাৰ এই সংকট সামান্য কথা নহয়। বৃহৎ বৃহৎ বিকশিত দেশক ক’ৰোণাই কোঙা কৰিছে।’

সংকল্প আৰু ধৈয্য ধৰক। ১৩০ কোটি ভাৰতীয়ই সংকল্প লওক। প্ৰত্যেকে নিজৰ নিজৰ কৰ্তব্য পালন কৰক।নিজেও সজাগ হওক, আনকো সজাগ কৰক। ২২ মাৰ্চত দেশজুৰি ‘জনতা কাৰ্ফিউ’ পালনৰ আহ্বান কৰে প্ৰধানমন্ত্ৰীয়ে। পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ এই জনতা কাৰ্ফিউ পালনৰ আহ্বান। লগতে  অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হ’বলৈ নিদিয়াৰ কথাও ঘোষণা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading