সঁচাকৈয়ে বাতৰিকাকত ক’ৰোণা ভাইৰাছৰ বাহক নেকি? কি কয় বিশেষজ্ঞই?

News18 Assam | News18-Assam
Updated:March 25, 2020, 8:06 PM IST
সঁচাকৈয়ে বাতৰিকাকত ক’ৰোণা ভাইৰাছৰ বাহক নেকি? কি কয় বিশেষজ্ঞই?
কোনখন বাতৰিকাকতে সাময়িক ভাৱে কাগজৰ সংস্কৰণ পৰিহাৰ কৰি ডিজিটেল সংস্কৰণ পঢ়িবলৈ আহ্বান জনালে আৰু কিয় ? 

কোনখন বাতৰিকাকতে সাময়িক ভাৱে কাগজৰ সংস্কৰণ পৰিহাৰ কৰি ডিজিটেল সংস্কৰণ পঢ়িবলৈ আহ্বান জনালে আৰু কিয় ? 

  • Share this:
সঁচাকৈয়ে বাতৰিকাকত ক’ৰোণা ভাইৰাছৰ বাহক নেকি? বৰ্তমান সময়ত ই এক অন্যতম চৰ্চিত বিষয়। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে বাতৰিকাকতৰ স্বত্বাধিকাৰীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাতৰি কাকত সমূহক এই জটিল সন্ধিক্ষণত সজাগতামূলক বাতৰি প্ৰকাশ কৰিবলৈ আহ্বান জনায়।

বৈঠকতে বাতৰিকাকতৰ মালিক সকলে হকাৰ আৰু বাতৰি কাকতৰ বিতৰক সকলক তলাবন্ধৰ সময়চোৱাতো বিনা বাধাই চলাচল কৰাৰ সুবিধা প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে।
 

বাতৰিকাকত ক’ৰোনা ভাইৰাছৰ বাহক নেকি? 

সঁচাকৈয়ে বাতৰিকাকত ক’ৰোণা ভাইৰাছৰ বাহক নেকি? বহুতৰ লগতে News18 Assam NEটো অৱতাৰণা হৈছিল এই প্রশ্নৰ। সমান্তৰালকৈ অসমৰ প্ৰকাশক গোষ্ঠী সমূহে একাংশ ইলেকট্ৰনিক মিডিয়াই অতিৰঞ্জিত বা মিথ্যাচাৰৰ আশ্ৰয় লৈ বাতৰি কাকত ক’ৰোণাৰ বাহক বুলি প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপিত কৰিছিল।

আনকি গবেষণা পত্ৰৰ ভিত্তিত মোবাইল ফোনৰ পৃষ্ঠতলটো এই বিধ্বংসী ভাইৰাছে ঘৰ সাজিব পাৰে বুলি বাতৰি প্ৰকাশ কৰা হৈছিল।

অতি সম্প্রতি বিশ্বৰ আগশাৰীৰ ‘microbiologist’ সকলে বাতৰিকাকত এই বীজাণুৰ বাহক হোৱাৰ সম্ভাৱনা কম বুলি মন্তব্য কৰিছে। বাতৰিকাকতৰ যোগেদি সক্ৰমনৰ সম্ভাৱনা অতি কম বুলিও কব খোজে একাংশ বিজ্ঞানীয়ে ।

এই সম্পৰ্কত বহুতে বিভিন্নধৰণে মত পোষণ কৰিছে–

  •  ‘নতুন ক’ৰোণা ভাইৰাছ কপাৰ আৰু কার্ডবৰ্ডত অতি কম সময়ৰ কাৰণে সক্রিয় হৈ থাকে । কার্ডবৰ্ডত এই ভাইৰাছ সোনকালে নিস্ক্ৰিয় হৈ যোৱাৰ কাৰণ হৈছে ইয়াৰ সুক্ষ্ম ছিদ্র যুক্ত পৃষ্ঠতল। ‘New England Journal of Medicine’এ কার্ডবৰ্ডত পোৱা এই ফলাফলক বাতৰি কাকতৰে ৰিজাব পাৰি বুলি মন্তব্য় কৰিছে।’

  • চপা কৰিবলৈ ব্যৱহাৰ হোৱা চিয়াঁহীয়ে বাতৰিকাকত খনত ভাইৰাছ থাকিলে নিস্ক্ৰিয় কৰাত  ইন্ধন যোগায় । এই মন্তব্য কৰিছে ‘John Innes Centre Norwich’ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক George Lomonosoffএ।

  • ‘বাতৰিকাকতৰ যোগেদি এই বীজাণু বিয়পে বুলি নিশ্চিত ভাৱে ক’বলৈ আমাৰ হাতত একো তথ্য নাই । আমি জানো যে এই ভাইৰাছ মানুহ আৰু সংক্ৰমিত পৃষ্ঠৰ (Fomites) পৰা বিয়পে। এই মন্তব্য কৰিছে  NCDC ৰ সঞ্চালক  ড০ সুৰজিৎ কে সিঙে।  

  •  বাতৰিকাকত ফ’মাইট নহয়; তাৰ পৰিৱৰ্তে টাৱেল, দৰ্জাৰ হেণ্ডেল, প্লাষ্টিক আদিহে এই বীজাণুৰ বাহক । এই মন্তব্য কৰিছে  দিল্লীৰ ছাফডেৰজ’ঙ হাস্পতালৰ চিকিৎসক ডা০ বি কে ত্ৰিপাঠীয়ে। 

  • ক্ষুদ্ৰ ছিদ্র থকা পৃষ্ঠতলত এই ভাইৰাছ জীয়াই থাকিব নোৱাৰে কাৰণ ভাইৰাছটোৰ যি প্ৰ’টিনৰ আৱৰণ, সেই আৱৰণ তেনে পৃষ্ঠতলত শীঘ্ৰেই ধ্বংস হৈ যায় । এই মন্তব্য কৰিছে ‘Infectious Disease Research, Bangalore’ৰ ডা০ অমিত সিঙে।  

  •  ‘এই ভাইৰাছ বিভিন্ন পৰিবেশ আৰু তাপমাত্ৰা পাৰ কৰি অহা দ্ৰব্যত সক্ৰিয় হৈ কাৰোবাৰ দেহত প্ৰৱেশ কৰাৰ সম্ভাৱনা ক্ষীণ।’–WHO 


‘আনহাতে দেশৰ আগশাৰীৰ বাতৰিকাকত Hindustan Times ৰ মতে আজিকালি চপাশাল আধুনিক আৰু সকলো কাম স্বয়ংচালিত । আৰম্ভণিৰ পৰা অন্তলৈকে সকলো নিজে নিজে হয় । গোটেই প্ৰক্ৰিয়াটোত মেচিন আৰু কাগজৰ সংস্পৰ্শলৈ মানুহ নাহেই । আৰু মেচিন বোৰো সময়ে সময়ে চেনিটাইজ কৰা হয় । তাৰ পাছত যি সমূহ হকাৰ আৰু বিতৰক জড়িত হয় তেওঁলোকক মাস্ক, গ্লোৱছ, চেনিটাইজাৰ আদি প্ৰদান কৰা হৈছে । যদি কোনো সন্মানীয় পাঠক তাৰ পাছতো সন্দিহান তেওঁ পেপাৰ লোৱা পৰিত্যাগ কৰি ডিজিটেল সংস্কৰণলৈ যাব পাৰে।’
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading