ক’ৰোণা ভাইৰাছক মহামাৰী ঘোষণা, ভাৰতৰত এতিয়ালৈকে ৬১ জন আক্ৰান্ত, ১৫ এপ্ৰিল পৰ্যন্ত বিদেশী নাগৰিকৰ ভিছা বাতিল

News18 Assam | News18-Assam
Updated:March 12, 2020, 8:55 AM IST
ক’ৰোণা ভাইৰাছক মহামাৰী ঘোষণা, ভাৰতৰত এতিয়ালৈকে ৬১ জন আক্ৰান্ত, ১৫ এপ্ৰিল পৰ্যন্ত বিদেশী নাগৰিকৰ ভিছা বাতিল
১৫ এপ্ৰিল পৰ্যন্ত বিদেশী নাগৰিকৰ ভিছা বাতিল

১৫ এপ্ৰিল পৰ্যন্ত বিদেশী নাগৰিকৰ ভিছা বাতিল

  • Share this:
বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোণা ভাইৰাছক মহামাৰীৰ ঘোষণা কৰিলে। ভাৰত চৰকাৰেও ভাৰতলৈ আহিবলগীয়া বিদেশী নাগৰিকৰ ভিছা অস্থায়ী ভাবে বাতিল কৰিছে। অহা ১৫ এপ্ৰিল পৰ্যন্ত অব্যাহত থাকিব এই নিষেধাজ্ঞা। ১৩ মাৰ্চৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত। এয়াৰ ইণ্ডিয়াই ইটালী আৰু দক্ষিণ কোৰিয়া যাবলগীয়া সকলো বিমান বাতিল কৰিছে। অৱশ্যে কূটনৈতিক আৰু ৰাষ্ট্ৰসংঘৰ ভিছা বাতিল কৰা হোৱা নাই। নিয়োগ আৰু প্ৰকল্প বিষয়ক ভিছাও বাতিল কৰা হোৱা নাই।

বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী ঘোষণা কৰিছে Covid19ক। বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ ট্ৰেডাৰ্চ গেব্ৰিয়েছচে জনাই যে, ‘COVID-19’ এ এতিয়া মহামাৰীৰ ৰূপ ধাৰণ কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি