যিখন জিলাতেই ক’ৰোণাত আক্ৰান্ত ৰোগী ওলাব, সেইখন জিলাই কৰা হ’ব ‘ল’ক ডাউন’, ইতিমধ্যে দেশৰ ৭৫ জিলা ল’ক ডাউন ঘোষণা

News18 Assam | News18-Assam
Updated:March 22, 2020, 3:52 PM IST
যিখন জিলাতেই ক’ৰোণাত আক্ৰান্ত ৰোগী ওলাব, সেইখন জিলাই কৰা হ’ব ‘ল’ক ডাউন’, ইতিমধ্যে দেশৰ ৭৫ জিলা ল’ক ডাউন ঘোষণা
ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ লোৱা হৈছে বিভিন্ন পদক্ষেপ।

ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ লোৱা হৈছে বিভিন্ন পদক্ষেপ।

  • Share this:
ভাৰতবৰ্ষত এতিয়া ক’ৰোণা ভাইৰাছৰ সংহাৰী ৰূপ। প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত ৪৮ ঘণিটাৰ ভিতৰত দেশত দুগুণ বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। ইতিমধ্যে ৬জন ৰোগীয়ে ক’ৰোণাত প্ৰাণ হেৰুওৱাৰ লগতে আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩৪১। ইতিমধ্যে সংক্ৰমণ ৰোধৰ বাবে অহা ৩১ মাৰ্চ পৰ্যন্ত ভাৰতীয় ৰে’ল বিভাগে সকলো যাত্ৰীবাহী ৰে’লৰ চলাচল বন্ধ কৰিছে।

তাৰ সমান্তৰাল ভাবে এতিয়া দেশৰ সৰ্বমুঠ ৭৫খন জিলা লকডাউন ঘোষণা কৰা হৈছে। এই জিলা কেইখনৰ পৰা ক’ৰোণা ভাইৰাছত আক্ৰান্ত ৰোগী পোৱা গৈছে। লগতে যিখন জিলাতেই কোনো লোক  ক’ৰোণা ভাইৰাছত আক্ৰান্ত হ’ব লগে লগে সেইখন জিলা ল’ক ডাউন কৰা হ’ব।

সেইদৰে তামিলনাডুত জনতা কাৰ্ফিউ কাইলৈ পুৱালৈকে বাহাল থাকিব।

ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি দিল্লী মেট্ৰ ৰে’ল সেৱা ৩১ মাৰ্চ তাৰিখ লৈকে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: March 22, 2020, 3:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading