কোৰোণা ভাইৰাছৰ প্ৰভাৱ পৰিব নেকি বিটিচি নিৰ্বাচনত? ৩১ মাৰ্চলৈ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ নকৰে ৰাজহুৱা সভাত

News18 Assam | News18-Assam
Updated:March 14, 2020, 1:38 PM IST
কোৰোণা ভাইৰাছৰ প্ৰভাৱ পৰিব নেকি বিটিচি নিৰ্বাচনত? ৩১ মাৰ্চলৈ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ নকৰে ৰাজহুৱা সভাত

  • Share this:
কোনে দখল কৰিব বিটিচি ? নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত চলিছে ব্যাপক নিৰ্বাচনকেন্দ্ৰীক ব্যস্ততা ৷  বিটিচি নিৰ্বাচনৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বতে এতিয়া  কোৰোণা ভাইৰাছ আতংক ৷ ভাৰতবৰ্ষৰো ৮২ জন লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি।

ভাৰতত এই পৰ্য্যন্ত দুগৰাকী লোকৰ মৃত্যু ৷  ক’ৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩১ মাৰ্চলৈকে অংশগ্ৰহণ নকৰে কোনো ৰাজহুৱা সভাত। ইতিমধ্যে ছচিয়েল মিডিয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে জনাইছে এই কথা।

ইপিনে ৪ এপ্ৰিলত হ’ব বিটিচিৰ নিৰ্বাচন ৷ তেনেসময়তে নিৰ্বাচনৰ দুদিন পূৰ্বলৈ মুখ্যমন্ত্ৰী সোণোৱালে ৰাজহুৱা সভাত অংশগ্ৰহণ নকৰিলে বিচিটি নিৰ্বাচনত যে প্ৰভাৱ পেলাব সেয়া নিশ্চিত। প্ৰশ্ন হয়, মুখ্যমন্ত্ৰী সোণোৱালে লোৱা সিদ্ধন্তৰ দৰে যদি বাকী ৰাজনৈতিক দলেও  কোৰোণা ভাইৰাছক লৈ এনে সাৱধানত অৱলম্বন কৰে তেন্তে নিশ্চয়কৈ বিটিচিত দেখা পোৱা নাযাব কোনো নিৰ্বাচনী ৰাজহুৱা সভা !
Published by: Himangshu Bhuyan
First published: March 14, 2020, 1:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading