ক’ৰোণা আতংকঃ প্ৰভাৱ পৰিছে মহানগৰৰ অ’লা-উবেৰ সেৱাত

News18 Assam | News18-Assam
Updated:March 19, 2020, 1:01 PM IST
ক’ৰোণা আতংকঃ প্ৰভাৱ পৰিছে মহানগৰৰ অ’লা-উবেৰ সেৱাত
Source-Google

সমগ্ৰ বিশ্বজুৰি এতিয়া ক'ৰোণাতংক

  • Share this:
সমগ্ৰ বিশ্বজুৰি এতিয়া ক'ৰোণাতংক। ব্যৱসায়-বাণিজ্যৰ পৰা প্ৰশাসনতন্ত্ৰলৈ পৰিছে ক'ৰোণা ভাইৰাছৰ প্ৰভাৱ। ক'ৰোণাৰ প্ৰভাৱৰ পৰা এতিয়া হাত সাৰিব পৰা নাই ৰেপিড'-অলা-উবেৰ সেৱাও। ক’ৰোণা ভাইৰাছৰ ভয়াৱহতাই এতিয়া চিন্তাত পেলাইছে উলা, উৱেৰ, ৰেপিড’ চাবকসকলক।

বিগত পাঁচটা দিন ধৰি অন্য দিনতকৈ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে গ্ৰাহকৰ সংখ্যা।পূৰ্বতকৈ ৫০ শতাংশ হ্ৰাস পাইছে কেব আৰু ৰেপিডৰ গ্ৰাহকৰ সংখ্যা। আনকি এতিয়া যাত্ৰীৰ বাবে বহু সাময় ধৰি অপেক্ষা কৰি থাকিবলগীয়া হৈছে । আনহাতে ক'ৰোণা ভাইৰাছ সংক্ৰমণ নহ’বৰ বাবে বিভিন্ন ধৰণৰ সাৱধানতা অৱলম্বন কৰিছে কেব চালক সকলে।

অলা-উবেৰ গাড়ী চালক সকলে গাড়ীত পানীৰ বটল,হেণ্ড চেনিটাইজাৰ লগত ৰখাৰ ব্যৱস্থা কৰিছে। ‘আমি গাড়ী চলাই আছো৷ গাড়ী নচলালে আমাৰ পেট নভৰে ৷ কিন্তু আমি ক’ৰোণাক বাধা দিবলৈ চেষ্টা চলাইছো ৷ আমি কাষ্টমাৰৰ বাবে হেণ্ড ছেনিটাইজাৰ ৰাখিছো৷ সকলো কাষ্টমাৰকে গাড়ীত উঠাৰ আগতে ব্যৱহাৰ কৰিবলৈ দিছো ৷ আমি বহুকেইজন চালকে এনে সতৰ্কতামূলক ব্যৱস্থা হাতত লৈছো৷’- বাকীসকল চালককো সজাগতামূলক ব্যৱস্থা হাতত ল’বলৈ আহ্বান জনাই এইদৰে কয় কেব চালক সন্থাৰ সভাপতি ইব্ৰাহীম আলীয়ে।
Published by: Himangshu Bhuyan
First published: March 19, 2020, 1:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading