ক’ৰোণা ভাইৰাছৰ আতংক, বন্ধ কৰি দিয়া হ’ল গুৱাহাটীৰ ৰেডিচন ব্লুৰ কোঠা, চিকিৎসকৰ তত্বাৱধানত ২৩জন কৰ্মচাৰী

News18 Assam | News18-Assam
Updated:March 7, 2020, 12:13 PM IST
ক’ৰোণা ভাইৰাছৰ আতংক, বন্ধ কৰি দিয়া হ’ল গুৱাহাটীৰ ৰেডিচন ব্লুৰ কোঠা, চিকিৎসকৰ তত্বাৱধানত ২৩জন কৰ্মচাৰী
Photo : foreignpolicy.com

১ মাৰ্চত গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত নিশা কটাইছিল ক’ৰোণাত আক্ৰান্ত মাৰ্কিন পৰ্যটকজনে।

  • Share this:
গুৱাহাটীৰ পৰা ভূটানত উপস্থিত হোৱাৰ পিছতে দেহত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা মাৰ্কিন পৰ্যটকজনে  ১ মাৰ্চত গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত নিশা কটাইছিল। তেওঁৰ সৈতে আছিল এগৰাকী বান্ধৱী। ২মাৰ্চৰ পুৱা হোটেলৰ কোঠা এৰিছিল পৰ্যটকজনে।

ক’ৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ খবৰ পোৱাৰ পিছতে হোটেল কৰ্তৃপক্ষই এতিয়া পৰ্যটকজন থকা কোঠাটো বন্ধ কৰি দিছে। লগতে পৰ্যটকজনৰ কোঠালৈ কোন কোন কৰ্মচাৰী গৈছিল সেয়াও নিৰীক্ষণ কৰিছে CCTV কেমেৰাত।

ৰেডিচন ব্লুৰ ২য় মহলাৰ ২২৪ নং কোঠাত আছিল হেৱিট। বৰ্তমান হোটেলখনৰ  ২৩জন কৰ্মচাৰীক চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে। আনহাতে  কেইবাজনো কৰ্মচাৰীক ছুটি দিছে হোটেল কৰ্তৃপক্ষই।

 
First published: March 7, 2020, 10:04 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading