এইবাৰ ভূটানত কোৰোণা ভাইৰাছৰ আতংক, প্ৰথমজন আক্ৰান্ত লোকক চিনাক্ত

News18 Assam | News18-Assam
Updated:March 6, 2020, 10:26 AM IST
এইবাৰ ভূটানত কোৰোণা ভাইৰাছৰ আতংক, প্ৰথমজন আক্ৰান্ত লোকক চিনাক্ত
Photo : foreignpolicy.com

২ মাৰ্চত গুৱাহাটীৰ পৰা ভূটানলৈ ৰাওনা হৈছিল লোকজন। কোৰোণাত আক্ৰান্ত আমেৰিকান পৰ্যটকজনৰ বয়স ৭৯ বছৰ বুলি জানিব পৰা গৈছে।

  • Share this:
এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত কোৰোণা ভাইৰাছৰ আতংক। ভূটানত এই ভাইৰাছত আক্ৰান্ত প্ৰথমজন লোকক চিনাক্ত কৰা হৈছে। কোৰোণাত আক্ৰান্ত লোকজন এজন আমেৰিকান পৰ্যটক। গুৱাহাটী বিমানবন্দৰৰ পৰা ভূটানলৈ গৈছিল পৰ্যটকজন। গুৱাহাটী বিমানবন্দৰত স্বাস্থ্য পৰীক্ষাও কৰা হৈছিল লোকজনৰ।

২ মাৰ্চত গুৱাহাটীৰ পৰা ভূটানলৈ ৰাওনা হৈছিল লোকজন। কোৰোণাত আক্ৰান্ত আমেৰিকান পৰ্যটকজনৰ বয়স ৭৯ বছৰ বুলি জানিব পৰা গৈছে। ১৮ ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আমেৰিকান পৰ্যটকজনে।
আৰু চাওক
পৰৱৰ্তী বাতৰি