দেশত কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৪৭জনলৈ বৃদ্ধি, অসমত কিমান?

News18 Assam | News18-Assam
Updated:March 18, 2020, 12:11 PM IST
দেশত কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৪৭জনলৈ বৃদ্ধি, অসমত কিমান?
অসমত কোনো লোকৰ দেহত এতিয়ালৈ কোৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা নাই।

অসমত কোনো লোকৰ দেহত এতিয়ালৈ কোৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা নাই।

  • Share this:
দেশত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৪৭ চনলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই তথ্য। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, মুঠ ১৪৭ জনৰ ভিতৰত ১৩০জন লোক আক্ৰান্ত হৈ থকাৰ বিপৰীতে ১৪জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে। আনহাতে, তিনিজন লোকৰ মৃত্যু হৈছে ভাৰতত।

উল্লেখযোগ্য যে অসমত কোনো লোকৰ দেহত এতিয়ালৈ কোৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা নাই। এই ভাইৰাছৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্যজুৰি গ্ৰহণ কৰা হৈছে সতৰ্কতামূলক ব্যৱস্থা।

ইফালে, যোৰহাটত কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ আশংকাত ছজন লোকক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে দুজন লোকক চৰকাৰী ব্যৱস্থাত আছুতীয়াকৈ ৰখা হৈছে। বাকীকেইজনক নিজ নিজ ঘৰতে থাকিবলৈ দিয়া হৈছে। লোককেইজনৰ শৰীৰত এই ৰোগৰ লক্ষণ পৰিলক্ষিত নোহোৱাৰ বিপৰীতে সংগ্ৰহ কৰা নমুনাৰ পৰীক্ষাৰ ফলাফলো ঋণাত্মক পোৱা গৈছে।
Published by: Sanjay Kumar Das
First published: March 18, 2020, 12:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading