দেশত কোৰোণাত আক্ৰান্ত হৈ ১৮জনৰ মৃত্যু, কৰ্ণাটকত ৬৫ বছৰীয়া লোকে হেৰুৱালে প্ৰাণ

News18 Assam | News18-Assam
Updated:March 27, 2020, 1:23 PM IST
দেশত কোৰোণাত আক্ৰান্ত হৈ ১৮জনৰ মৃত্যু, কৰ্ণাটকত ৬৫ বছৰীয়া লোকে হেৰুৱালে প্ৰাণ
ভাৰতত এইপৰ্যন্ত আক্ৰান্ত হৈছে মুঠ ৭২৬জন লোক।

ভাৰতত এইপৰ্যন্ত আক্ৰান্ত হৈছে মুঠ ৭২৬জন লোক।

  • Share this:
দেশত মাৰাত্মক কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৮জনলৈ বৃদ্ধি। শেহতীয়াকৈ কৰ্ণাটকত এই ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে এজন ৬৫ বছৰীয়া লোকে। ৫ মাৰ্চত ৰে’লেৰে দিল্লীলৈ আহিছিল লোকজন আৰু ১১ মাৰ্চত উভতি গৈছিল। লোকজনৰ সৈতে ৰে’লত যাত্ৰা কৰা সকলো লোকক চিনাক্ত কৰা হৈছে বুলি মন্তব্য কৰিছে তুমাকুৰুৰ উপায়ুক্তই।

উল্লেখযোগ্য যে ভাৰতত এইপৰ্যন্ত আক্ৰান্ত হৈছে মুঠ ৭২৬জন লোক। সুস্থ হৈ ঘৰলৈ উভতিছে ৬৭জন লোকে। সমগ্ৰ বিশ্বত এইপৰ্যন্ত ৫ লাখ ৩২ হাজাৰ ২৬৩জন লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত। বিশ্বজুৰি ২৪ হাজাৰ ৯০জন লোকৰ মৃত্যু হৈছে। আনহাতে, ৰোগমুক্ত হৈ ঘৰলৈ উভতিছে ১ লাখ ২৪ হাজাৰ ৩৪৯জন লোক।
Published by: Sanjay Kumar Das
First published: March 27, 2020, 1:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি