ক’ৰোণাক লৈ বিধানসভাৰ অধ্যক্ষৰ কক্ষত বৈঠক, বিধানসভাত প্ৰৱেশ কৰোতে বিধায়কে মানিব লাগিব বহু নিয়ম

News18 Assam | News18-Assam
Updated:March 20, 2020, 1:38 PM IST
ক’ৰোণাক লৈ বিধানসভাৰ অধ্যক্ষৰ কক্ষত বৈঠক, বিধানসভাত প্ৰৱেশ কৰোতে বিধায়কে মানিব লাগিব বহু নিয়ম
সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰিলে অধ্যক্ষই

সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰিলে অধ্যক্ষই

  • Share this:
সৰ্বত্ৰ এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। ক’ৰোণা ভাইৰাছকলৈ বিধানসভাৰ অধ্যক্ষৰ কক্ষত সৰ্বদলীয় বৈঠক। বৈঠকত কেব বোৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বৰ সূচী মতেই অনুষ্ঠিত হ'ব বিধানসভাৰ অধিবেশন। কিন্তু বিধানসভাত প্ৰৱেশ কৰোতে মুখ্যমন্ত্ৰীৰ লগতে, মন্ত্ৰী বিধায়কে মানিব লাগিব বহু কেইটা নিয়ম।

  • ইনফাৰেড থাৰ্ম'মিটাৰ দি পৰীক্ষা কৰা হ'ব সকলোকে ।পৰীক্ষাৰ পিছতহে  সোমাবলৈ দিয়া হ'ব বিধানসভাত।


  • হেণ্ড ছেনিটাইজিঙৰ ব্যৱস্থা কৰা হ'ব ।

  • মাত্ৰ এখন গে'টহে খোলা থাকিব বিধানসভাৰ। গাড়ীলৈ মূল প্ৰৱেশদ্বাৰেদি প্ৰৱেশ কৰিব নোৱাৰিব কোনো সদস্য । অধ্যক্ষ,মুখ্যমন্ত্ৰী সকলোৱে এই নিয়ম মানি চলিব লাগিব।

  • শুকুৰবাৰে পূৰ্বৰ নিয়মৰ সলনি প্ৰশ্নকালীন ঘণ্টা থাকিব।

  • কোনো সদস্য নিজৰ আসনৰ পৰা উঠি যাৱ নোৱাৰিব । এক মিটাৰ ব্যৱধান সকলোৱে ৰাখিব লাগিব ।


  • কোনো দৰ্শনাৰ্থী আহিব নোৱাৰিব বিধানসভাৰ অধিৱেশনলৈ।

  • প্ৰেছ গেলাৰীতো কম সংখ্যক সাংবাদিককহে প্ৰৱেশ কৰিবলৈ দিয়া হ'ব।

  • চৰকাৰী বিষয়াৰ ক্ষেত্ৰতো একে নিয়ম প্ৰযোজ্য হ'ব।

  • এটা বিভাগৰ পৰা এজনকৈ বিষয়াকহে অনুমতি দিয়া হ'ব।


সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰিলে অধ্যক্ষই।
Published by: Himangshu Bhuyan
First published: March 20, 2020, 1:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading