ক’ৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ পান কৰিছিল গোমূত্ৰ, পেটৰ বিষ, বমি কৰি কৰি ভৰ্তি হ’ল চিকিৎসালয়ত

News18 Assam | News18-Assam
Updated:March 19, 2020, 5:17 PM IST
ক’ৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ পান কৰিছিল গোমূত্ৰ, পেটৰ বিষ, বমি কৰি কৰি ভৰ্তি হ’ল চিকিৎসালয়ত
source- Google

ক’ৰোণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ কি কি যে পৰামৰ্শ!

  • Share this:
বহুতে কৈছে, ক’ৰোণা ভাইৰাছ প্ৰতিৰোধ কৰে গোমূত্ৰ আৰু গোবৰে! এজন হিন্দু নেতাই কৈছিল বোলে, যদি গোমূত্ৰ সেৱন কৰি গাত গোবৰ লগাই তেন্তে পৰিত্ৰান পাব পাৰি ক’ৰোণা ভাইৰাছৰ পৰা। আনকি এতিয়া কলিকতাৰ বিভিন্ন ঠাইত ৫০০ টকা
দামত বিক্ৰীও হৈছে গোমূত্ৰ আৰু গোবৰ। কিন্তু এইবাৰ এজনে ক’ৰোণা প্ৰতিৰোধ কৰিবলৈ গোমূত্ৰ খাওতেই লাগিল কেনা!

ঘটনাটো সংঘটিত হৈছে কলিকতাত। ৩৪ বছৰীয়া এজন ব্যক্তিয়ে ক’ৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ পান কৰিছিল গোমূত্ৰ। কিন্তু মূত্ৰ পান কৰাৰ পিছতে অসহ্য পেটৰ বিষ হোৱাৰ লগতে লোকজনে বমি কৰে। স্বাস্থ়্যৰ অৱস্থা হঠাৎ ইমানেই গুৰুতৰ হৈ পৰে

যে, লোকজনক ততাতৈয়াকৈ ভৰ্তি কৰাব লগা হ’ল চিকিৎসালয়ত।

এতিয়া হাস্পতালৰ বিচনাৰ পৰাই এজন বিজেপি কৰ্মীৰ বিৰুদ্ধে আৰক্ষীক দিছে অভিযোগ। গোমূত্ৰ খাবলৈ বিজেপিৰ নেতা জনে কৈছিল বুলি অভিযোগ উত্থাপিত কৰিছে লোকজনে।

 
First published: March 19, 2020, 5:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading