ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৩৮জনলৈ বৃদ্ধি, পশ্চিম বংগত প্ৰথমটো ঘটনা পোহৰলৈ

News18 Assam | News18-Assam
Updated:March 18, 2020, 8:40 AM IST
ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৩৮জনলৈ বৃদ্ধি, পশ্চিম বংগত প্ৰথমটো ঘটনা পোহৰলৈ
মুম্বাইত এজন ৬৩ বছৰীয়া লোক কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছত ভাৰতত কোৰোণাত মৃত্যুৰ সংখ্যা তিনিজন হৈছেগৈ।

মুম্বাইত এজন ৬৩ বছৰীয়া লোক কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছত ভাৰতত কোৰোণাত মৃত্যুৰ সংখ্যা তিনিজন হৈছেগৈ।

  • Share this:
ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৩৮জনলৈ বৃদ্ধি পালে। আনহাতে, পশ্চিম বংগত প্ৰথমজন লোক আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে। ব্ৰিটেইনৰ পৰা ওভতা এজন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছ।

মুম্বাইত এজন ৬৩ বছৰীয়া লোক কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছত ভাৰতত কোৰোণাত মৃত্যুৰ সংখ্যা তিনিজন হৈছেগৈ।

ইপিনে দেশবাসীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰা আফগানিস্তান, ফিলিপাইনছ, মালয়েছিয়ালৈ যাবলগীয়া সকলো বিমানৰ যাত্ৰা বাতিল কৰা হৈছে। লগতে আজিৰে পৰা ইউৰোপ, তুৰস্ক আৰু ব্ৰিটেইনৰ পৰা আহিবলগীয়া যাত্ৰীসকলৰো প্ৰৱেশ ভাৰতত নিষিদ্ধ কৰা হৈছে। আজিৰে পৰা ৩১ মাৰ্চলৈকে এইকেইখন দেশৰ যাত্ৰীসকল ভাৰতত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছে চৰকাৰে।
Published by: Sanjay Kumar Das
First published: March 18, 2020, 8:40 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading