অধিকাংশ লোকৰ মৃত্যু হৈছে উত্তৰ ইটালীৰ লোম্বাৰ্ডী অঞ্চলত। ইটালীত কোৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ ২.২ কোটি মাস্ক অৰ্ডাৰ কৰা হৈছে।
অধিকাংশ লোকৰ মৃত্যু হৈছে উত্তৰ ইটালীৰ লোম্বাৰ্ডী অঞ্চলত। ইটালীত কোৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ ২.২ কোটি মাস্ক অৰ্ডাৰ কৰা হৈছে।
চীনৰ পিছতে মাৰাত্মক কোৰোণা ভাইৰাছত সৰ্বাধিক লোক আক্ৰান্ত হৈছে ইটালীত। এই ভাইৰাছত আক্ৰান্ত হৈ ইটালীত এদিনতে মৃত্যু হ’ল ১৩৩জন লোকৰ। এইপৰ্যন্ত ইটালীত ৩৬৬জন লোকৰ মৃত্যু হৈছে। ৭,৩৭৫জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত।
নাগৰিক সুৰক্ষা এজেন্সীৰ মতে অধিকাংশ লোকৰ মৃত্যু হৈছে উত্তৰ ইটালীৰ লোম্বাৰ্ডী অঞ্চলত। ইটালীত কোৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ ২.২ কোটি মাস্ক অৰ্ডাৰ কৰা হৈছে।
কোৰোণা ভাইৰাছৰ ভয়ংকৰ ৰূপৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। দেশখনৰ চিনেমা হল, সংগ্ৰহালয় আদি বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। চৰকাৰী ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি, উত্তৰ ইটালীত ১.৫ কোটি লোকক গৃহবন্দী কৰা হৈছে। বন্ধ কৰি দিয়া হৈছে সকলো স্কুল, নাইট ক্লাব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|