৪ লাখ জন বসতিৰ জিলাখনত এতিয়ালৈকে মাত্ৰ ২৮ হেজাৰ ৯০০ লোককহে ভেকচিন প্ৰদান কৰা হৈছে।
৪ লাখ জন বসতিৰ জিলাখনত এতিয়ালৈকে মাত্ৰ ২৮ হেজাৰ ৯০০ লোককহে ভেকচিন প্ৰদান কৰা হৈছে।
উৰা বাতৰিয়ে বিপদত পেলাইছে এখন জিলাৰ স্বাস্থ্য বিভাগক। এতিয়ালৈ এঘাৰ হেজাৰ ভেকচিন ঘূৰাই পঠিওৱা হৈছে জিলাখনৰ পৰা। যি সময়ত কোভিড ভেকচিন লোৱাৰ বাবে ৰাজ্যৰ আন আন জিলাত হেতাওপৰা লাগিছে ঠিক সেই সময়ত সীমান্তবৰ্তী জিলাখনৰ বিভিন্ন ঠাইত এতিয়ালৈ ৰাইজৰ মাজত ভেকচিন লোৱাৰ ক্ষেত্ৰত তেনে ধৰণৰ সজাগতা দেখা যোৱা নাই।
ভেকচিনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত পিছ পৰি থকাৰ বাবেই দক্ষিণ শালমাৰা মানকাচৰ জিলাত কোভিড ভেকচিন লোৱাৰ হাৰ সৰ্বভাৰতীয় হাৰতকৈ বহু নিম্ন দেখা গৈছে।
শিক্ষাৰ ক্ষেত্ৰত অতি পিছপৰা জিলাখনৰ অধিকাংশ লোকৰ মাজত ভেকচিন সম্পৰ্কে থকা কিছু উৰা বাতৰিয়ে বিপদত পেলাইছে জিলা খনৰ স্বাস্থ্য বিভাগৰ লগতে প্ৰসাসনক।
উল্লেখযোগ্য যে প্ৰায় ৪ লাখ জন বসতিৰ জিলাখনত এতিয়ালৈকে মাত্ৰ ২৮ হেজাৰ ৯০০ লোককহে ভেকচিন প্ৰদান কৰা হৈছে। আনহতে জিলাখনৰ বাবে গুৱাহাটীৰ পৰা যোগান ধৰা এঘাৰ হেজাৰ ভেকচিন ঘূৰাই পঠোৱা হৈছে বুলি DPM ৰুহুল ইছলাম মণ্ডলে জানিবলৈ দিয়ে।
এনে পৰিপ্ৰেক্ষিত্বত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মাৰোৱাৰী যুৱ মঞ্চই ভেকচিনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰশংসনীয় পদক্ষেপ লোৱা দেখা গৈছে ৷ মানকাচৰ অঞ্চলৰ ৰাইজে যাতে সহজে ভেকচিন লব পাৰে তাৰ বাবে শুকুৰবাৰে মানকাচৰৰ জে, এম কনিষ্ঠ মহাবিদ্যালয়ত নতুনকৈ এটা ভেকচিনেচন কেন্দ্ৰ আনুষ্ঠানিক ভাবে উদ্বোধন কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|