GMCHত ক’ৰোণা আতংকৰ অৱসান, কেৰালাৰ পৰা অহা যুৱকৰ দেহত নাই ক’ৰোণা ভাইৰাছৰ অৱস্থিতি

News18 Assam | News18-Assam
Updated:March 15, 2020, 6:13 PM IST
GMCHত ক’ৰোণা আতংকৰ অৱসান, কেৰালাৰ পৰা অহা যুৱকৰ দেহত নাই ক’ৰোণা ভাইৰাছৰ অৱস্থিতি
Source-Google

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, হাস্পতালত ক’ৰোণা ভাইৰাছৰ আতংকৰ অৱসান।

  • Share this:
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, হাস্পতালত ক’ৰোণা ভাইৰাছৰ আতংকৰ অৱসান। কেৰালাৰ পৰা অহা যুৱকৰ দেহত নাই ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। পৰীক্ষাৰ বাবে যুৱকজনৰ পৰা সংগ্ৰহ কৰা হৈছিল তেজৰ ২৯টা নুমনা। ইতিমধ্যে ঘৰলৈ যাবলৈ দিয়া হৈছে লোকজনক। উল্লেখযোগ্য যে, কেৰালাৰ পৰা আমচৈলৈ অহা যুৱকজন কাহ আৰু জ্বৰত আক্ৰান্ত হোৱাৰ পিছতে ক’ৰোণাৰ সন্দেহত GMCH ভৰ্তি কৰোৱা হৈছিল।

ৰাইজক আতংকৰ বিপৰীতে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহ্বান জনাইছে  আহ্বান GMCHৰ অধ্যক্ষই। ইফালে গুৱাহাটীৰ লগতে শিলচৰ, যোৰহাট, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়তো আছুতীয়া কক্ষৰ ব্যৱস্থা কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: March 15, 2020, 6:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading