Covid Outbreak: ২০ এপ্ৰিলৰ পিছত ক'ৰোণাই ল'ব ভয়াৱহ ৰূপ! কেতিয়া ক'ৰোণাৰ পৰা সকাহ পাব? কি ক'লে বিশেষজ্ঞই?
Covid Outbreak in India : আইআইটি কানপুৰৰ অধ্যাপক মনিন্দ্ৰ আগৰৱালে কয় যে ২৫ এপ্ৰিলৰ পিছৰ পৰা ক'ৰোণাৰ সংহাৰৰ পৰা কিছু সকাহ লাভ কৰা যাব।
Covid Outbreak in India : আইআইটি কানপুৰৰ অধ্যাপক মনিন্দ্ৰ আগৰৱালে কয় যে ২৫ এপ্ৰিলৰ পিছৰ পৰা ক'ৰোণাৰ সংহাৰৰ পৰা কিছু সকাহ লাভ কৰা যাব।
- News18 Assam
- Last Updated: April 16, 2021, 11:19 AM IST
ইফালে নীতি আয়োগ(Niti Aayog)ৰ সদস্য ড০ ভি কে পলে ক'ৰোণা ভাইৰাছৰ ক্ষেত্ৰত দেশৰ বাবে পৰৱৰ্তী চাৰিটা সপ্তাহ অধিক গুৰুত্বপূৰ্ণ বুলি বৰ্ণনা কৰিছে, আনফালে আকৌ আইআইটি কানপুৰ (IIT Kanpur)ৰ এটা বিশেষজ্ঞৰ দলে গাণিতিক আৰ্হিৰ আধাৰত কয় যে আগন্তুক ২০ৰ পৰা ২৫ এপ্ৰিলৰ ভিতৰত দেশত ক'ৰোণা সংক্ৰমণৰ ঘটনা অধিক বৃদ্ধি হৈ শীৰ্ষ স্তৰত উপনীত হ’ব ৷
IIT Kanpurৰ অধ্যাপক মনিন্দ্ৰ আগৰৱালে কয়- ক'ৰোণাৰ এই দ্বিতীয় ঢৌ পূৰ্বৰ তুলনাত অধিক বিপদজনক হোৱা দেখিবলৈ পোৱা গৈছে । ১৫ এপ্ৰিলৰ দিনটোতে ক'ৰোণা সংক্ৰমণৰ ঘটনাই দুই লাখৰ ওচৰ চাপিছিল । এতিয়াও সংকট হ্ৰাস হোৱা নাই । আমাৰ দলে ক'ৰোণা নিৰীক্ষণ কৰা গাণিতিক আৰ্হি অনুসৰি, ২০ ৰ পৰা ২৫ এপ্ৰিলৰ ভিতৰত এই সংখ্যাই দুই লাখৰ ঘৰ অতিক্ৰম কৰিব । যদিও পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন হৈছে জৰু সৰ্বোচ্চ মান সলনি হৈ আছে । আমি লাভ কৰা তথ্য অনুসৰি ২০ ৰ পৰা ২৫ এপ্ৰিলৰ ভিতৰত ক'ৰোণা সংক্ৰমণৰ ঘটনা শীৰ্ষ স্থানত থাকিব আৰু তাৰ পিছতহে কিছু সকাহ লাভ কৰা যাব ।
আগৰৱালে লগতে এটা ভাল খবৰো দিয়ে যে ২৫ এপ্ৰিলৰ পিছত ক'ৰোণাৰ কিছু সকাহ লাভ কৰা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সক্ৰিয় ঘটনাৰ সংখ্যাও হ্ৰাস পাব আৰু মে’ মাহৰ শেষৰ ফালে পৰিস্থিতি অধিক উন্নত হ'বলৈ আৰম্ভ কৰিব । সকলো ৰাজ্যতে এক স্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হোৱাও দেখিবলৈ পোৱা যাব ।
মে’ৰ শেষৰ পৰাই ক'ৰোণাৰ সৰ্বাধিক সংক্ৰামণ হোৱা ৰাজ্যসমূহতো সকলো স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিব । বৰ্তমানৰ এই দ্বিতীয় ঢৌ পূৰ্বৰ ঢৌৰ তুলনাত এইক্ষেত্ৰত কিছু পৃথক যে এইবাৰৰ দৈনিক মৃত্য হাৰ, সংক্ৰমণৰ হাৰতকৈ যথেষ্ট কম । কিয়নো ভেকছিন অহাৰ পিছতেই মানুহে ক'ৰোণাক অৱহেলা কৰিবলৈ লৈছিল, যাৰ ফলত ক'ৰোণাৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে।
সংক্ৰমণতকৈ মৃত্যুৰ সংখ্যা কম হোৱা সম্পৰ্কত অধ্যাপক আগৰৱালে কয় যে এইবাৰ মৃত্যুৰ সংখ্যা কম হোৱাৰ ফলত নিশ্চিতভাৱে কিছু সকাহ পোৱা গৈছে। বিগত সময়ত যেতিয়া দেশত এক লাখ কোৰোণা ৰোগী আছিল সেইসময়ত মৃত্যুৰ সংখ্যা ১০০০ ৰ ওচৰ চাপিবলৈ আৰম্ভ কৰিছিল। কিন্তু এইবাৰ দুই লাখ সংক্ৰমণৰ ঘটনাৰ পিছতো মৃত্যুৰ সংখ্যাই হাজাৰৰ ঘৰ চুব পৰা নাই ।
উল্লেখ্য যে, মডেলটোৰ তথ্য অনুসৰি বিগত দুমাহত সংক্ৰমণৰ হাৰ ৩০ শতাংশ বৃদ্ধি হৈছে।












