ডিব্ৰুগড়ৰ চাহ বাগানত কোৰোণাৰ আতংক। জালনি চাহ বাগানত একেলগে ৯০জনৰ দেহত ধৰা পৰিল কোৰোণাৰ ভাইৰাছ। বাগানখনৰ শ্ৰমিক-কৰ্মচাৰী আৰু একাংশ বাসিন্দাৰ দেহত ধৰা পৰিছে মাৰাত্মক কোৰোণাৰ ভাইৰাছ। এই ঘটনাৰ পিছতে সমগ্ৰ বাগানখনেই কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে জিলা প্ৰশাসনে।
টেঙাখাট ৰাজহ চক্ৰৰ অধীনৰ বাগানখনলৈ ইতিমধ্যে চিকিৎসক আৰু স্বাস্থ্যকৰ্মী ৰাওনা হৈছে। বন্ধ কৰি দিয়া হৈছে বাগানৰ সকলো কাম-কাজ।
বাগিচাখনৰ চিকিৎসালয়খনৰ লগতে খালী হৈ থকা কেইবাটাও ষ্টাফ কোৱাৰ্টাৰ অস্থায়ী আইছোলেচন কেন্দ্ৰৰূপে ব্যৱহাৰ কৰা হৈছে।
এনে পৰিপ্ৰেক্ষিতত চাহ বাগানসমূহত কোৰোণাৰ প্ৰতিষেধক প্ৰদানৰ কাম ত্বৰান্বিত কাৰৰা দাবী কৰিছে চাহ জনগোষ্ঠাীয় সংগঠনসমূহে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|