কালৰ সোতত হেৰাই যাব নেকি যাত্ৰা নাট্যদলসমুহ ? কোৰোণা মহামাৰীয়ে সংকট কঢ়িয়াইছে যাত্ৰা নাট্যদলসমুহলৈ ৷
কালৰ সোতত হেৰাই যাব নেকি যাত্ৰা নাট্যদলসমুহ ? কোৰোণা মহামাৰীয়ে সংকট কঢ়িয়াইছে যাত্ৰা নাট্যদলসমুহলৈ ৷
কোৰোণা মহামাৰীয়ে সংকট নমাই আনিছে যাত্ৰা নাট্য দলসমুহলৈ ৷ কোভিড সৃষ্ট অনাকাংক্ষিত পৰিবেশৰ বাবে নামনি অসমত প্ৰচলিত পেছাদাৰী নাট্য দলৰে জড়িত লোকসকলে সম্প্ৰতি আৰ্থিক অনাটনৰ মাজৰে দিন পাৰ কৰিছে৷
প্ৰয়াত ব্ৰজনাথ শৰ্মাই প্ৰথমবাৰৰ বাবে কহিনুৰ অপেৰা নামৰ যাত্ৰা নাট্য দলৰ জন্ম দিছিল ৷ পৰৱৰ্তী সময়ত এই পৰম্পৰা অনুসৰণ কৰি নামনি অসমৰ বিভিন্ন স্থানত এই যাত্ৰা দলসমুহৰ জন্ম হৈছিল ৷ বঙাইগাঁও , বৰপেটা , নলবাৰী , কামৰূপ আদি জিলাৰ বিভিন্ন অঞ্চলত আজিও যাত্ৰা নাট্য দলসমুহৰ প্ৰচলন হৈ আছে ৷ পূজা-পাৰ্বন, উৎসৱ আদিত যাত্ৰা দলসমুহত নাট মঞ্চস্থ কৰাৰ জৰিয়তে বহু অভিনেতা-অভিনেত্ৰী, কলা-কুশলীয়ে নিজৰ লগতে পৰিয়াল পোহ-পাল দি আহিছে ৷
কিন্তু কোৰোণা মহামাৰীয়ে সৃষ্টি কৰা ভয়ংকৰ পৰিবেশে পেছাদাৰী নাট্যদলসমুহৰ সৈতে জড়িত এইসকল লোকৰ জীৱনলৈ অমানিশা কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷ বিগত দুটা বছৰে নাট পৰিবেশনৰ পৰা বিৰত থাকিব লগীয়া হোৱাত এইসকল লোক আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ৷
বঙাইগাঁও জিলাত মুঠ এঘাৰটা যাত্ৰা নাট্যদল আছে ৷ ত্ৰিনয়ন নাট্য গোষ্ঠী, অন্নপূৰ্ণা মিনি থিয়েটাৰ, শংকৰ জ্যোতি মিনি থিয়েটাৰ, ভাস্কৰ জ্যোতি মিনি থিয়েটাৰ, ৰাংঢালী মিনি থিয়েটাৰ, জয় জগন্নাথ মিনি থিয়েটাৰ, মা মহাৰাণী মিনি থিয়েটাৰ, মা লক্ষ্মী মিনি থিয়েটাৰ, থিয়েটাৰ লক্ষী নন্দন, সোণালী নাট্য গোষ্ঠী, কুবেৰুণ নাট্য গোষ্ঠীৰে জড়িত কেইবা শতাধিক লোকে আৰ্থিক সংকটত পৰিছে ৷
প্ৰতিটো যাত্ৰা নাট্যদলৰ সৈতে ত্ৰিশৰ পৰা চল্লিশ জনকৈ লোক জড়িত হৈ থাকে। যদিও নাট মঞ্চস্থ কৰিব নোৱাৰাৰ ফলত উপাৰ্জনহীন হৈ পৰা এইসকল লোকে অতি কষ্টৰে দিন পাৰ কৰিবলগীয়া হৈছে ৷ আনহাতে বিগত দুটা বছৰে নাট্যদলসমুহ সা সামগ্ৰী আদি অব্যৱহৃত হৈ পৰি থকাৰ ফলত নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে ৷
কোৰোণা মহামাৰীৰ এই সংকটৰ মুহূৰ্তত কলা-সংস্কৃতি ৰক্ষা কৰি যাত্ৰা নাট্য দলসমূহ জীয়াই ৰখা অভিনেতা-অভিনেত্ৰী, কলা-কুশলীসকলক আৰ্থিকভাৱে সহায় আগবঢ়াবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক কাতৰ আহ্বান জনাইছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|