নগাঁও–কাৰ্বি আংলং সীমান্তৰ ৰজাগাঁৱত কোৰোণাত আক্ৰান্তৰ সন্দেহ কৰা যুৱকে কৰিলে এই কাণ্ড, আতংকিত ৰাইজ

News18 Assam | News18-Assam
Updated:March 19, 2020, 9:11 AM IST
নগাঁও–কাৰ্বি আংলং সীমান্তৰ ৰজাগাঁৱত কোৰোণাত আক্ৰান্তৰ সন্দেহ কৰা যুৱকে কৰিলে এই কাণ্ড, আতংকিত ৰাইজ
স্বাস্থ্য বিভাগৰ দল দেখি ঘৰ এৰি পলায়ন কৰে অসুস্থ লোকজন।

স্বাস্থ্য বিভাগৰ দল দেখি ঘৰ এৰি পলায়ন কৰে অসুস্থ লোকজন।

  • Share this:
পশ্চিম কাৰ্বি আংলং আৰু নগাঁও সীমান্তৱৰ্তী ৰাজাগাঁও অঞ্চলত নিশা কোৰোণাৰ আতংক। ৰাজস্থানৰ পৰা অহা এজন যুৱকক লৈ আতংকিত অঞ্চলটোৰ ৰাইজ। জ্বৰ–কাহত আক্ৰান্ত হৈ কর্মস্থলী ৰাজস্থানৰ পৰা ঘৰলৈ উভতিছিল লোকজন।

অসুস্থ লোকজনক চিকিৎসালয়লৈ প্ৰেৰণৰ বাবে খবৰ দিয়া হৈছিল স্বাস্থ্য বিভাগক। খবৰ দিয়াৰ পিছতে ১০৮ এম্বুলেঞ্চসহ উপস্থিত হৈছিল স্বাস্থ্য বিভাগৰ এটা দল। স্বাস্থ্য বিভাগৰ দল দেখি ঘৰ এৰি পলায়ন কৰে অসুস্থ লোকজন।

লোকজন কোৰোণাত আক্ৰান্ত হোৱাৰ সন্দেহ ৰাইজৰ। লোকজনক বিচাৰি চিকিৎসালয়ত ভৰ্তি নকৰালে অঞ্চলটোত কোৰোণাৰ সংক্ৰমণ হোৱাৰ আশংকাত আতংকিত ৰাইজ।
Published by: Sanjay Kumar Das
First published: March 19, 2020, 9:09 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading