Covid-19: কেৰালাৰ কোৰোণা পৰিস্থিতি উদ্বেগজনক, আজিও আক্ৰান্ত ৩২,৮০৩গৰাকী, চুবুৰীয়া ৰাজ্যলৈ কেন্দ্ৰৰ পৰামৰ্শ
কেৰালাত ৮৫ শতাংশ কেৰোণা ৰোগী হোম আইছোলেচনত আছে, ই সংক্ৰমণৰ বাবে বিপদ বুলি গণ্য কৰা হৈছে।
কেৰালাত ৮৫ শতাংশ কেৰোণা ৰোগী হোম আইছোলেচনত আছে, ই সংক্ৰমণৰ বাবে বিপদ বুলি গণ্য কৰা হৈছে।
- News18 Assam
- Last Updated: September 1, 2021, 7:58 PM IST
কেৰালাত কোৰোণা ভাইৰাছৰ পৰিস্থিতি অত্যন্ত উদ্বেগজনক হৈ পৰিছে। যোৱা ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যখনত পুনৰ ৩২,৮০৩টা কোভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। ৰাজ্যখনত দিনটোত ২১,৬১০ গৰাকী লোক আৰোগ্য হৈছে যদিও ১৭৩গৰাকী লোকৰ মৃত্যু হৈছে।
কেৰালাৰ পৰিস্থিতিয়ে এতিয়া চুবুৰীয়া ৰাজ্য তামিলনাডু আৰু কৰ্ণাটকতো কোভিড সংক্ৰমণৰ ঘটনা বৃদ্ধি কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই আজি এক পৰ্যালোচনা বৈঠকো অনুষ্ঠিত কৰে। কেন্দ্ৰই কৰ্ণাটক আৰু তামিলনাডুৰ স্বাস্থ্যমন্ত্ৰীক ৰাজ্য দুখনত কেৰালাৰ কাৰণে যাতে কোভিড সংক্ৰমণ বৃদ্ধি নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে কেৰালাৰ কাষত থকা কৰ্ণাটক আৰু তামিলনাডু জিলাত বিশেষ পদক্ষেপ লোৱা প্ৰয়োজন। এই জিলাসমূহত টিকাকৰণৰ গতি ত্বৰান্বিত কৰা প্ৰয়োজন। ইয়াৰ পূৰ্বে, স্বাস্থ্য মন্ত্ৰালয়ৰ শীৰ্ষ চৰকাৰী সূত্ৰই কেৰালাৰ অৱনতিশীল পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰণনীতিৰ অধীনত লকডাউনৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে।
কঠোৰ লকডাউন আৰু কঠোৰ কণ্টেইনমেণ্ট নিয়ম গ্ৰহণ কৰিলে কেৰালাত কোৰোণা সংক্ৰমণৰ বৰ্ধিত ঘটনা ছেপ্টেম্বৰৰ মাজভাগলৈ হ্ৰাস পাব পাৰে বুলি উল্লেখ কৰা হৈছে। উল্লেখ্য, কেৰালাত ৮৫ শতাংশ কেৰোণা ৰোগী হোম আইছোলেচনত আছে, এনে অৱস্থাত উক্ত লোকসকলৰ ক্ষেত্ৰত কঠোৰ নিৰীক্ষণৰ প্ৰয়োজন হৈ পৰিছে। ধাৰণা কৰা মতে, এনে লোকৰ ফলত সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে।












