মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Covid19 Second Wave: ভাৰতত অধিক ভয়ংকৰ হ'ব পাৰে কোৰোণাৰ দ্বিতীয় লহৰৰ সংক্ৰমণ। দৈনিক আক্ৰান্ত হ'ব পাৰে ৩ লাখকৈ লোক। মে'ৰ শেষলৈ অধিক হাৰত হ'ব সংক্ৰমণ।

Covid19 Second Wave: ভাৰতত অধিক ভয়ংকৰ হ'ব পাৰে কোৰোণাৰ দ্বিতীয় লহৰৰ সংক্ৰমণ। দৈনিক আক্ৰান্ত হ'ব পাৰে ৩ লাখকৈ লোক। মে'ৰ শেষলৈ অধিক হাৰত হ'ব সংক্ৰমণ।

News18 Assam | News18-Assam
Updated:April 14, 2021, 7:07 PM IST
Covid19 Second Wave: ভাৰতত অধিক ভয়ংকৰ হ'ব পাৰে কোৰোণাৰ দ্বিতীয় লহৰৰ সংক্ৰমণ। দৈনিক আক্ৰান্ত হ'ব পাৰে ৩ লাখকৈ লোক। মে'ৰ শেষলৈ অধিক হাৰত হ'ব সংক্ৰমণ।
Source-Google

ভাৰতত মঙলবাৰে এদিনতে কোৰোণাত আক্ৰান্ত হৈছে ১,৮৪,৩৭২ গৰাকী লোক আৰু মৃত্যু হৈছে ১০২৭ গৰাকীৰ। প্ৰতিদিনে প্ৰায় ৭ শতাংশ লোক আক্ৰান্ত হোৱাটো এক ভয়ংকৰ কথা বুলি উল্লেখ কৰে ডঃ জামিলে।

  • Share this:
কোৰোণাৰ দ্বিতীয় লহৰে ইতিমধ্যে দেশৰ কেবাখনো ৰাজ্যত মহা আতংকৰ সৃষ্টি কৰাৰ সময়তে এই সংক্ৰমণ মে' মাহৰ শেষলৈ অব্যাহত থাকিব বুলি দাবী কৰিছে দেশৰ আগশাৰীৰ ভাইৰোলজিষ্ট ছাহিদ জামিলে।  ইমানেই নহয়, মে'ৰ শেষলৈ কোৰোণাৰ সংক্ৰমণ দৈনিক ৩ লাখৰ ওপৰত হ'ব পাৰে বুলিও আশংকা কৰিছে জামিলে।

ভাৰতত মঙলবাৰে এদিনতে কোৰোণাত আক্ৰান্ত হৈছে ১,৮৪,৩৭২ গৰাকী লোক আৰু মৃত্যু হৈছে ১০২৭ গৰাকীৰ।

ভাৰতত কোৰোণাৰ সংক্ৰমণৰ হাৰ অতি চিন্তাৰ বিষয় বুলি মন্তব্য কৰিছে ডঃ জামিলে। প্ৰতিদিনে প্ৰায় ৭ শতাংশ লোক আক্ৰান্ত হোৱাটো এক ভয়ংকৰ কথা বুলি উল্লেখ কৰে ডঃ জামিলে। CNN-News18ৰ News Epicentre অনুষ্ঠানত জামিলে এই মন্তব্য কৰে।

ভাৰতত এতিয়ালৈ কোৰোণাত আক্ৰান্তৰ সংখ্যা হৈছে ১ কোটি ৩৮ লাখৰ অধিক। কোৰোণা সংক্ৰমণৰ তালিকাত আমেৰিকাৰ পিছতে দ্বিতীয় স্থানত আছে ভাৰত। ভাৰতৰ পিছত আছে ব্ৰাজিল।

"কোৰণাৰ নতুন স্বৰূপটো যিমান বেছি সংক্ৰমাক সিমান বেছি মাৰত্মকো," এইদৰে কয় ভাইৰোলজিষ্টগৰাকীয়ে।
Published by: Manjumoni Borah
First published: April 14, 2021, 7:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি