এফালৰ পৰা ৰেকৰ্ড ভংগ কৰিছে ক'ভিডে... ২৪ ঘণ্টাত ১ কোটি ৬৮ লাখ নতুন ৰোগী, ৬ মাহৰ পিছত ৯০০তকৈ অধিক লোকৰ মৃত্যু।

News18 Assam | News18-Assam
Updated:April 12, 2021, 10:15 AM IST
এফালৰ পৰা ৰেকৰ্ড ভংগ কৰিছে ক'ভিডে... ২৪ ঘণ্টাত ১ কোটি ৬৮ লাখ নতুন ৰোগী, ৬ মাহৰ পিছত ৯০০তকৈ অধিক লোকৰ মৃত্যু।
দেশত ক'ৰোনাৰ ঘটনাই প্ৰতিদিনে নতুন অভিলেখ সৃষ্টি কৰি আছে। যোৱা ২৪ ঘণ্টাত, এক লাখ ৬৮ হাজাৰ ৯১২ জন লোক ক'ভিড পজিটিভ হৈছে।

দেশত ক'ৰোনাৰ ঘটনাই প্ৰতিদিনে নতুন অভিলেখ সৃষ্টি কৰি আছে। যোৱা ২৪ ঘণ্টাত, এক লাখ ৬৮ হাজাৰ ৯১২ জন লোক ক'ভিড পজিটিভ হৈছে।

  • Share this:
দেশত ক'ৰোনাৰ ঘটনাই প্ৰতিদিনে নতুন অভিলেখ সৃষ্টি কৰি আছে। যোৱা ২৪ ঘণ্টাত, এক লাখ ৬৮ হাজাৰ ৯১২ জন লোক ক'ভিড পজিটিভ হৈছে। এইটো দেশৰ এদিনত সংক্ৰমিত হোৱা সৰ্ববৃহৎ সংখ্যা। ইয়াৰ পূৰ্বে, ১০এপ্ৰিলত ১ লাখ ৫২ হাজাৰ ৫৬৫ টা ঘটনা প্ৰতিবেদিত হৈছিল। দেশৰ চাৰিখন ৰাজ্যই এদিনত সৰ্বাধিক সংখ্যক ক'ভিডৰ নতুন ঘটনা লাভ কৰিছে। ইয়াৰ ভিতৰত আছে মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ। মহাৰাষ্ট্ৰত প্ৰথমবাৰৰ বাবে এই সংখ্যা ৬৩,০০০ অতিক্ৰম কৰে। ইয়াত ৬৩,২৯৪ জন সংক্ৰমিত পোৱা গৈছে। ৰাজ্যখনত ৩৪৯ জন লোকৰ মৃত্যু হৈছে।

ক্ৰমান্বয়ে মৃত্যুৰ সংখ্যাও বাঢ়ি আহিছে। আগদিনা, ক'ৰোনাত ৯০৪ জন লোকৰ মৃত্যু হৈছিল। যোৱা ৬ মাহত এদিনত প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত এয়া সৰ্বাধিক সংখ্যা। চিকিৎসাধীন ৰোগীৰ সংখ্যাও ৯৩,৫৯০জন বৃদ্ধি হৈছে। এতিয়া চিকিৎসাধীন ৰোগীৰ সংখ্যাই ১২ লাখ অতিক্ৰম কৰিছে।

এতিয়ালৈকে, দেশত ১ কোটি ৩৫ লাখ ২৭ হাজাৰ ৭১৭ জন লোক সংক্ৰমিত হৈছে। ইয়াৰ ভিতৰত ১ কোটি ২১ লাখ ৫৬ হাজাৰ ৫২৯ জন লোক আৰোগ্য হৈছে। ১ লাখ ৭০ হাজাৰ ১৭৯ জন ৰোগীৰ মৃত্যু হৈছে।
Published by: Kokil Sarma
First published: April 12, 2021, 10:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি