কোৰোণা ভাইৰাছত আক্ৰান্ত মহিলাই জন্ম দিলে এটি পুত্ৰ সন্তান, শিশুটিৰ দেহত নাই কোৰোণাৰ অৱস্থিতি

শুকুৰবাৰে এগৰাকী কোৰোণাত আক্ৰান্ত মহিলাই জন্ম দিয়ে এটি সন্তান
শুকুৰবাৰে এগৰাকী কোৰোণাত আক্ৰান্ত মহিলাই জন্ম দিয়ে এটি সন্তান
- News18 Assam
- Last Updated: April 4, 2020, 5:34 PM IST
এই সন্দৰ্ভত এইমছৰ কাৰ্যকৰী মুৰব্বী নীৰজা ভাটলাই জনোৱা মতে, বৰ্তমান মাতৃ, নৱজাতক সম্পূৰ্ণ সুস্থ আৰু নৱজাতকৰ শৰীৰত কোৰোণা ভাইৰাছ নিগেটিভ পোৱা গৈছে । অৱশ্যে বৰ্তমানেও শিশুটিক নিৰীক্ষণত ৰখা হৈছে । জন্মৰ সম্ভাব্য তাৰিখৰ এসপ্তাহৰ পূৰ্বেই অস্ত্ৰোপচাৰ কৰি শিশুটি জন্ম দিয়া হ’ল বুলিও জানিবলৈ দিয়ে জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে ।
মহিলাগৰাকীৰ স্বামী দিল্লীস্থিত এইমছৰ চিকিত্সক। চিকিৎসকজন কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে কোৰোণাত আক্ৰান্ত হৈছিল তেওঁৰ ৯ মহীয়া গৰ্ভৱতী পত্নীও। বৃহস্পতিবাৰে মহিলগৰাকীৰ ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।বৰ্তমান চিকিৎসকজনৰ লগতে, পত্নী, ভাতৃক এইমছৰে আছুতীয়া কক্ষত ৰখা হৈছে।