Corona : বৰপেটা জিলাত শুকুৰবাৰে কোৰোণাত আক্ৰান্তৰ হাৰ ১·০৩ শতাংশ। নতুনকৈ আক্ৰান্ত ৮৪ গৰাকী।

News18 Assam | News18-Assam
Updated:June 11, 2021, 8:09 PM IST
Corona : বৰপেটা জিলাত শুকুৰবাৰে কোৰোণাত আক্ৰান্তৰ হাৰ ১·০৩ শতাংশ। নতুনকৈ আক্ৰান্ত ৮৪ গৰাকী।
শুকুৰবাৰে কোৰোণাত আক্ৰান্ত ১ জন ৰোগীৰ মৃত্যু হয়  জিলাখনত ৷ ইয়াকে ধৰি জিলাখনত কোৰোণাত মৃত লোকৰ সংখ্যা ১০৫ জনলৈ বৃদ্ধি পালে ৷

শুকুৰবাৰে কোৰোণাত আক্ৰান্ত ১ জন ৰোগীৰ মৃত্যু হয়  জিলাখনত ৷ ইয়াকে ধৰি জিলাখনত কোৰোণাত মৃত লোকৰ সংখ্যা ১০৫ জনলৈ বৃদ্ধি পালে ৷

  • Share this:
বৰপেটা জিলাত শুকুৰবাৰে কোৰোণাত আক্ৰান্তৰ হাৰ ১·০৩ শতাংশ । জিলাখনত শুকুৰবাৰে নতুনকৈ ৮৪ জন লোক আক্ৰান্ত হৈছে কোৰোণাত ৷ আনহাতে শুকুৰবাৰে কোৰোণাত আক্ৰান্ত ১ জন ৰোগীৰ মৃত্যু হয়  জিলাখনত ৷ ইয়াকে ধৰি জিলাখনত কোৰোণাত মৃত লোকৰ সংখ্যা ১০৫ জনলৈ বৃদ্ধি পালে ৷

আজি ৮৪ গৰাকী নতুনকৈ আক্ৰান্ত হোৱাত বৰপেটা জিলাত মুঠ কোভিড পজিটিভ লোকৰ সংখ্যা ৬৮৬৭ জনলৈ বৃদ্ধি পালে ৷

জিলাখনত শুকুৰবাৰে ১০২ জন কোৰোণা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে ৷ এতিয়ালৈকে বৰপেটাত মুঠ ৪৮৭৮ জন ৰোগীয়ে কোৰোণাৰ পৰা আৰোগ্য লাভ কৰিছে ৷ বৰপেটাত বৰ্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা  ১৮৩৮ গৰাকী ৷

শুকুৰবাৰে জিলাখনত পৰীক্ষা কৰা ৮০৮৫ জন লোকৰ ভিতৰত ৮৪ লোক কোৰোনাত আক্ৰান্ত বুলি চিনাক্ত হয় ৷

কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে জিলা প্ৰশাসনে লোৱা ব্যৱস্থাৰ বাবে বৰপেটা জিলাত কোভিড পৰিস্থিতিৰ উন্নতি হোৱা বুলি দাবী কৰিছে বৰপেটাৰ জিলা উপায়ুক্ত টি পি ভূষালে ৷
Published by: Manjumoni Borah
First published: June 11, 2021, 8:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি